নতুন দিল্লী, ১ নৱেম্বৰ: মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে নিৰ্বাচনী তালিকাৰ বিশেষ সংশোধন (SIR) প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ উত্থাপন কৰি দেওবাৰে দিল্লীৰ ৰামলীলা ময়দানত প্ৰতিবাদ সাব্যস্ত কৰে INDIA মিত্ৰজোঁটে। ‘ভোট বচাও, দেশ বচাও’ শীৰ্ষক এই সমাৱেশত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, সভাপতি মল্লিকাৰ্জুন খাৰ্গে, সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱ, তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী, ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী আৰু বিহাৰৰ বিৰোধী দলপতি তেজস্বী যাদৱকে ধৰি কেইবাগৰাকীও বিৰোধী নেতা উপস্থিত থাকে।

সমাৱেশত ভাষণ দি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয় যে ভোট চুৰিৰ বিৰুদ্ধে তেওঁলোকৰ যুঁজ অব্যাহত থাকিব। বিশেষকৈ মহিলা, যুৱক-যুৱতী আৰু দলিতসকলৰ ভোট কাঢ়ি নিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰি খাৰ্গে কয়, “জ্ঞানেশ কুমাৰ পদৰ পৰা নোযোৱালৈকে আমি যুঁজ অব্যাহত ৰাখিম।”

আনহাতে, RJD নেতা তেজস্বী যাদৱে প্ৰতিবাদস্থলীক মহাভাৰতৰ কুৰুক্ষেত্ৰৰ সৈতে তুলনা কৰে। তেওঁৰ অভিযোগ, মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতৰ পুতলা। তেওঁ কয় যে বৰ্তমানৰ পৰিস্থিতিত দেশৰ গণতন্ত্ৰ ৰক্ষাৰ বাবে বিৰোধীয়ে ঐক্যবদ্ধভাৱে যুঁজ দিব লাগিব।

ইয়াৰ বিপৰীতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাহুল গান্ধীক কটাক্ষ কৰি কয় যে প্ৰধানমন্ত্ৰী হ’ব বিচাৰিলে তেওঁ গোটেই জীৱন ‘মক পাৰ্লিয়ামেণ্ট’তে থাকিব পাৰে, কিন্তু প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ নাপাব। আনহাতে, BJP নেতা জে পি নাড্ডাই INDIA মিত্ৰজোঁটৰ প্ৰতিবাদক ‘অৰাজকতা সৃষ্টিৰ পৰিকল্পিত ষড়যন্ত্ৰ’ বুলি অভিহিত কৰে।

ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে প্ৰতিবাদৰ দিনা দিল্লীৰ কনট প্লেচ অঞ্চলৰ দোকানসমূহ BJP-ৰ নিৰ্দেশত বন্ধ কৰোৱা হৈছে। উৎসৱৰ বতৰত স্থানীয় ব্যৱসায়ীসকলৰ ক্ষতি কোনে কৰিছে, সেয়া ৰাইজে বুজি পোৱা উচিত বুলিও তেওঁ মন্তব্য কৰে। অৱশ্যে, এই অভিযোগৰ প্ৰত্যুত্তৰত BJP-য়ে প্ৰতিবাদৰ সময় নিৰ্বাচনক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

সমাৱেশত CPI(M)-ৰ সাধাৰণ সম্পাদক এম এ বেবীয়ে ইয়াক দেশৰ ‘দ্বিতীয় স্বাধীনতা সংগ্ৰাম’ বুলি অভিহিত কৰে। আনহাতে, CPI(ML)ৰ নেতা দীপংকৰ ভট্টাচাৰ্যই দেশত আৰক্ষীশাসিত পৰিৱেশ গঢ় লৈ উঠাৰ অভিযোগ উত্থাপন কৰে।

ইফালে, INDIA মিত্ৰজোঁটৰ প্ৰতিবাদৰ প্ৰত্যুত্তৰত BJP-য়েও বিভিন্ন স্থানত পাল্টা কাৰ্যসূচী গ্ৰহণ কৰে। দিল্লীত মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই ‘লোকতন্ত্ৰ বচাও, অৰাজকতা হটাও’ পদযাত্ৰাত নেতৃত্ব দিয়ে। হাৰিয়ানাৰ ৰোহতকত BJP সভাপতি নীতিন নবীনৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়। আনহাতে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমাচল প্ৰদেশৰ ছিমলাত BJP-ৰ পদযাত্ৰাত অংশগ্ৰহণ কৰে।