নতুন দিল্লী, ১ নৱেম্বৰ: পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে দিল্লীৰ ৰামলীলা ময়দানত INDIA মিত্ৰজোঁটৰ সমাৱেশত ভাষণ দি ২০২৬ চনৰ পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ বিস্ফোৰক মন্তব্য কৰে। তেওঁ দাবী কৰে যে নিৰ্বাচনত তৃণমূল কংগ্ৰেছ পৰাজিত হোৱা নাছিল, বৰং পৰিকল্পিতভাৱে দলটোক হৰুৱাই দিয়া হৈছিল।
ভাষণৰ আৰম্ভণিতে মমতা বেনাৰ্জীয়ে সমাৱেশত উপস্থিতসকলৰ সমৰ্থন আৰু সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ ব্যংগাত্মকভাৱে ‘Cockroach Janta Party’ বুলি উল্লেখ কৰি দলটোৰ পৰা পোৱা সমৰ্থনৰ বাবেও ধন্যবাদ জনায়।
মমতা বেনাৰ্জীয়ে অভিযোগ কৰে যে পশ্চিম বংগ বিশেষ সংশোধন (SIR) প্ৰক্ৰিয়াৰ বলি হৈছে। তেওঁৰ মতে, বংগত গণতন্ত্ৰ, ভোটাধিকাৰ আৰু নিৰ্বাচনী প্ৰক্ৰিয়া কাঢ়ি নিয়া হৈছে। তেওঁ কয়, “তেওঁলোকে বংগ লুটিলে। আমি দিল্লীৰ পৰা গণতন্ত্ৰ ঘূৰাই আনিম।”
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক লক্ষ্য কৰি মমতাই অভিযোগ কৰে যে কেৱল ভোটাৰৰ নাম কৰ্তন কৰাই নহয়, কেন্দ্ৰীয়ভাৱে ভোটগণনাৰ প্ৰক্ৰিয়াও হস্তক্ষেপ কৰা হৈছিল। তেওঁৰ ভাষাত, “আমি হৰা নাছিলোঁ, আমাক হৰুৱাই দিয়া হৈছিল।”
ৰাজনৈতিক সংগ্ৰামৰ জৰিয়তে এই ঘটনাৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দি মমতা বেনাৰ্জীয়ে কয় যে তেওঁলোকে ৰাজনীতিৰ জৰিয়তেই প্ৰতিশোধ ল’ব।
তেওঁৰ এই বক্তব্য INDIA মিত্ৰজোঁটৰ ‘ভোট বচাও, দেশ বচাও’ সমাৱেশত বংগৰ নিৰ্বাচনী ফলাফল আৰু SIR প্ৰক্ৰিয়াক লৈ চলি থকা ৰাজনৈতিক বিতৰ্কৰ মাজতে প্ৰকাশ পায়।