নতুন দিল্লী, ৩১ অক্টোবৰ: মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ‘জনতাৰ মহাভিযোগ’ শীৰ্ষক প্ৰতীকী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে বিৰোধী INDIA মিত্ৰজোঁটে। শনিবাৰে নতুন দিল্লীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ১০, ৰাজাজী মাৰ্গস্থিত বাসগৃহত এই কাৰ্যসূচী অনুষ্ঠিত হয়।
বিশেষ নিবিড় ভোটাৰ তালিকা সংশোধন (SIR)ক কেন্দ্ৰ কৰি নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰু ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ বিষয়ক লৈ এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বিৰোধী মিত্ৰজোঁটে। বিৰোধী দলসমূহৰ অভিযোগ, SIR প্ৰক্ৰিয়াত বহু ভোটাৰৰ নাম কৰ্তন কৰা হৈছে আৰু ইয়াৰ ফলত ভোটাধিকাৰ প্ৰভাৱিত হৈছে।
প্ৰাক্তন লোকসভাৰ অধ্যক্ষ মীৰা কুমাৰে কাৰ্যসূচীটোৰ সভাপতিত্ব কৰে। ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেই জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতীকী প্ৰস্তাৱ উত্থাপন কৰে। আনহাতে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে সামৰণি ভাষণ প্ৰদান কৰে। ২০টাতকৈ অধিক বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ লগতে SIR প্ৰক্ৰিয়াত প্ৰভাৱিত হোৱা বুলি দাবী কৰা নাগৰিকসকলেও কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
কাৰ্যসূচীত উপস্থিত হৈ AISAৰ সভানেত্ৰী নেহা বৰাই ইয়াক ‘জনতাৰ মহাভিযোগ’ বুলি অভিহিত কৰে। তেওঁ কয় যে সমগ্ৰ দেশৰ জনতাই দীৰ্ঘদিন ধৰি দাবী কৰি অহা এই কাৰ্যসূচী আজি অনুষ্ঠিত হৈছে। সংসদত ক্ষমতাত থকা লোকসকলে যদি সঁচাকৈয়ে জনসাধাৰণৰ স্বাৰ্থক প্ৰতিনিধিত্ব কৰিলেহেঁতেন, তেন্তে এনে কাৰ্যসূচী সংসদৰ ভিতৰতে অনুষ্ঠিত হ’লহেঁতেন বুলিও মন্তব্য কৰে তেওঁ।
উল্লেখ্য যে শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যসূচী দিল্লীত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে শনিবাৰলৈ পিছুৱাই দিয়া হৈছিল। কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে সামাজিক মাধ্যমযোগে কাৰ্যসূচী পিছুৱাই দিয়াৰ কথা ঘোষণা কৰিছিল।
ইফালে, ১ নৱেম্বৰত দিল্লীৰ ৰামলীলা ময়দানত বৃহৎ প্ৰতিবাদী সমাৱেশৰ আহ্বান জনাইছে INDIA মিত্ৰজোঁটে। ৰাহুল গান্ধীয়ে জনোৱা মতে, দুপৰীয়া ১২ বজাত মিন্টো ৰোড–কনট প্লেচ সংযোগস্থলৰ পৰা ‘চলো দিল্লী’ সমদল আৰম্ভ হ’ব আৰু ৰামলীলা ময়দানত গৈ সমাপ্ত হ’ব। SIR প্ৰক্ৰিয়া, ভোটাৰ তালিকাৰ অনিয়মৰ অভিযোগ আৰু মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত্যাগৰ দাবীক কেন্দ্ৰ কৰি এই সমাৱেশ অনুষ্ঠিত হ’ব।