গুৱাহাটী, ১ নৱেম্বৰ: ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৩ৰ পৰা ৫ নৱেম্বৰলৈ চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ যাব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ স্পেইনত অনুষ্ঠিত হ’বলগীয়া ৩০ সংখ্যক ইবেৰো-আমেৰিকান সন্মিলনত (Ibero-American Conference) ভাৰতক প্ৰতিনিধিত্ব কৰিব।
এই সন্মিলনত ভাৰতে ‘সহযোগী পৰ্যবেক্ষক’ (Associate Observer) ৰাষ্ট্ৰ হিচাপে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ইবেৰো-আমেৰিকান সন্মিলনত বৰ্তমান মুঠ ৫৪খন ৰাষ্ট্ৰ অন্তৰ্ভুক্ত হৈ আছে। ইয়াৰ ভিতৰত ২২খন সদস্য ৰাষ্ট্ৰ, ১২খন সহযোগী পৰ্যবেক্ষক ৰাষ্ট্ৰ আৰু ২০খন পৰামৰ্শদাতা পৰ্যবেক্ষক ৰাষ্ট্ৰ আছে।
সন্মিলনৰ ২২খন সদস্য ৰাষ্ট্ৰৰ ভিতৰত ১৯খন লেটিন আমেৰিকাৰ দেশ। আনহাতে, ইউৰোপৰ স্পেইন, পৰ্তুগাল আৰু আন্দোৰা এই সন্মিলনৰ সদস্য ৰাষ্ট্ৰ।
পবিত্ৰ মাৰ্ঘেৰিটাৰ এই ভ্ৰমণ ভাৰত আৰু স্পেইনৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰতো বিশেষ তাৎপৰ্য বহন কৰিছে। চলিত বৰ্ষত উদযাপন কৰা ‘ভাৰত-স্পেইন সংস্কৃতি, পৰ্যটন আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ যুটীয়া বৰ্ষ’ (India-Spain Dual Year of Culture, Tourism and Artificial Intelligence)ৰ পৰিপ্ৰেক্ষিতত এই ভ্ৰমণক এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে।
ভ্ৰমণকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সন্মিলনত অংশগ্ৰহণ কৰাৰ উপৰি কেইবাখনো দেশৰ প্ৰতিনিধিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। এই বৈঠকসমূহত ভাৰতৰ সৈতে সংশ্লিষ্ট দেশসমূহৰ সম্পৰ্ক আৰু সহযোগিতাৰ বিভিন্ন দিশক লৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে।
ইয়াৰ উপৰি মাদ্ৰিদত প্ৰবাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰিব পবিত্ৰ মাৰ্ঘেৰিটাই। তেওঁৰ এই ভ্ৰমণৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ অংশগ্ৰহণৰ লগতে বিভিন্ন দেশৰ সৈতে কূটনৈতিক আৰু সাংস্কৃতিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ সুযোগ সৃষ্টি হ’ব।