ৰিভয়, ১ নৱেম্বৰ: এখন সমাজে যেতিয়া প্ৰশ্ন কৰিবলৈ ভয় কৰে, তেতিয়াই স্বেচ্ছাচাৰিতাৰ আৰম্ভণি হয়। এই মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই। শনিবাৰে University of Science and Technology Meghalaya-ৰ সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি তেওঁ সুস্থ গণতন্ত্ৰৰ বাবে প্ৰশ্ন, যুক্তি আৰু মুকলি বিতৰ্কৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

ন্যায়াধীশ ভূঞাই কয় যে যিখন সমাজে প্ৰশ্নক ভয় কৰে, সেই সমাজ স্বেচ্ছাচাৰী শাসনৰ প্ৰতি অধিক সংবেদনশীল হৈ পৰে। পৰম্পৰাক প্ৰশ্ন আৰু পৰ্যালোচনাৰ ঊৰ্ধ্বত স্থান দিলে অন্যায়মূলক প্ৰথাৰ সংশোধনৰ সম্ভাৱনাও কমি যায় বুলি তেওঁ মন্তব্য কৰে।

ভাৰতীয় সংবিধানৰ ৫১(ক) অনুচ্ছেদৰ কথা উল্লেখ কৰি ন্যায়াধীশগৰাকীয়ে কয় যে প্ৰতিগৰাকী নাগৰিকে বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাটো মৌলিক কৰ্তব্য। ইয়াৰ অৰ্থ কেৱল বৈজ্ঞানিক জ্ঞান আহৰণ কৰাই নহয়; বৰং যুক্তি আৰু বিবেকৰ আধাৰত চিন্তা কৰা, প্ৰশ্ন কৰা, অনুসন্ধান কৰা আৰু প্ৰয়োজন অনুসৰি সংশোধন কৰাৰ মানসিকতা গঢ়ি তোলাও ইয়াৰ অন্তৰ্ভুক্ত।

তেওঁৰ মতে, বৈজ্ঞানিক মানসিকতাই আইনৰ শাসনৰ ভেটি শক্তিশালী কৰে। কাৰণ, স্বেচ্ছাচাৰী ক্ষমতা অজ্ঞানতা, ভয় আৰু পৰীক্ষা-নিৰীক্ষা নকৰা বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰি বিস্তাৰ লাভ কৰে। প্ৰমাণ অবিহনে কোনো দাবী গ্ৰহণ কৰা সমাজ সহজেই অন্ধবিশ্বাস আৰু বিভ্ৰান্তিকৰ তথ্যৰ চিকাৰ হ’ব পাৰে বুলিও তেওঁ সকীয়াই দিয়ে।

সুস্থ গণতন্ত্ৰৰ বাবে প্ৰশ্ন আৰু বিতৰ্ক জৰুৰী

ন্যায়াধীশ ভূঞাই কয় যে প্ৰশ্ন কৰাৰ লগতে আনৰ মতামত শুনিবলৈ আৰু বুজিবলৈও মানুহ সাজু হ’ব লাগিব। যুক্তিপূৰ্ণ আলোচনাৰ জৰিয়তে পৰস্পৰৰ সৈতে মত বিনিময় কৰাৰ মানসিকতাই এখন সমাজক শক্তিশালী কৰে। অৱশ্যে, প্ৰশ্ন আৰু সুস্থ বিতৰ্কৰ বাবে মানুহৰ তথ্য লাভৰ অধিকাৰ আৰু সুযোগ থকাটোও জৰুৰী বুলি তেওঁ উল্লেখ কৰে।

ভাষণত নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ গ্ৰন্থ ‘The Idea of Justice’-ৰ প্ৰসংগ উল্লেখ কৰি তেওঁ ‘প্ৰাতিষ্ঠানিক গণতন্ত্ৰ’ আৰু ‘কাৰ্যকৰী গণতন্ত্ৰ’ৰ মাজৰ পাৰ্থক্য ব্যাখ্যা কৰে। তেওঁৰ মতে, কাৰ্যকৰী গণতন্ত্ৰৰ বাবে জনসাধাৰণে প্ৰশ্ন কৰা আৰু ক্ষমতা তথা প্ৰতিষ্ঠানসমূহৰ কাম-কাজ পৰীক্ষা কৰাটো অত্যন্ত প্ৰয়োজনীয়।

‘আমি’ আৰু ‘তেওঁলোক’ৰ বিভাজন এৰাৰ আহ্বান

ভাৰতৰ বৈচিত্ৰ্য আৰু ঐক্য অটুট ৰখাৰ বাবে ‘আমি বনাম তেওঁলোক’ৰ বিভাজনমূলক চিন্তাধাৰা পৰিহাৰ কৰিবলৈও আহ্বান জনায় ন্যায়াধীশ ভূঞাই। তেওঁ কয় যে অধিক ন্যায়সংগত আৰু মানৱীয় সমাজ গঢ়িবলৈ সকলোকে এক সামূহিক পৰিচয় আৰু ঐক্যৰ ভাবনাৰে আগবাঢ়িব লাগিব।

সংবিধানৰ প্ৰস্তাৱনাৰ ‘আমি ভাৰতৰ জনসাধাৰণ’ শব্দকেইটাৰ উল্লেখ কৰি তেওঁ কয় যে সংবিধানে প্ৰতিগৰাকী নাগৰিকক সমান সদস্য হিচাপে স্বীকৃতি দিয়ে। ব্যক্তিগত বা সামূহিক পৰিচয়ৰ পাৰ্থক্যই সাংবিধানিক ঐক্যক দুৰ্বল নকৰে।

ন্যায়াধীশ ভূঞাই লগতে কয় যে বৈচিত্ৰ্য সাংবিধানিক ব্যৱস্থাৰ কোনো বাধা নহয়; বৰং ই সংবিধানক প্ৰকৃত অৰ্থ আৰু তাৎপৰ্য প্ৰদান কৰে।