নতুন দিল্লী, ১ নৱেম্বৰ: দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত INDIA মিত্ৰজোঁটৰ বৃহৎ সমাৱেশক ঐতিহাসিক আখ্যা দিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। দেওবাৰে সমাৱেশত অংশ লৈ তেওঁ কয় যে দেশৰ গণতন্ত্ৰ ৰক্ষাৰ বাবে ছাত্ৰ, কৃষককে ধৰি বিভিন্ন শ্ৰেণীৰ লোক একত্ৰিত হৈছে।

গৌৰৱ গগৈয়ে কয়, “এয়া এক ঐতিহাসিক সমাৱেশ। সমগ্ৰ দেশ এতিয়া INDIA মিত্ৰজোঁটৰ অধীনত একত্ৰিত হৈছে। ছাত্ৰ, কৃষক আৰু আমি সকলোৱে একেলগে দেশৰ গণতন্ত্ৰ ৰক্ষা কৰিম।”

তেওঁ লগতে দাবী কৰে যে জনসাধাৰণৰ এই ঐক্য আৰু আন্দোলনক লৈ বিজেপি চিন্তিত হৈ পৰিছে।

সমাৱেশত কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়েও ভাষণ দিয়ে। দিল্লীত তেওঁৰ ৰাজনৈতিক জীৱনত এনে বৃহৎ সমাৱেশ কেতিয়াও দেখা নাই বুলি তেওঁ মন্তব্য কৰে।

তেওঁৰ মতে, সমাৱেশত হোৱা বৃহৎ জনসমাগমে বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে বৃদ্ধি পোৱা জনমতৰ ইংগিত দিছে। লগতে শাসকীয় দলৰ ক্ষমতাৰ পৰা বিদায় নিশ্চিত বুলিও তেওঁ দাবী কৰে।