নতুন দিল্লী, ১ নৱেম্বৰ: দিল্লীৰ ৰামলীলা ময়দানত INDIA মিত্ৰজোঁটে অনুষ্ঠিত কৰা সমাৱেশক লৈ বিৰোধী পক্ষক সমালোচনা কৰিছে BJPৰ সাংসদ তথা দলৰ মুখপাত্ৰ সম্বিত পাত্ৰই। দেওবাৰে সংবাদমেলত তেওঁ দাবী কৰে যে সমাৱেশৰ সময়ত ৰামলীলা ময়দানৰ প্ৰায় ৪০ শতাংশ স্থান খালী আছিল।
সমাৱেশটোক ‘ফ্লপ শ্ব’ আখ্যা দি পাত্ৰই কয় যে বিৰোধীয়ে আশা কৰা ধৰণে জনসমাগম গোটাবলৈ সক্ষম নহ’ল। তেওঁৰ মতে, সমাৱেশত প্ৰত্যাশিত সংখ্যক লোক উপস্থিত নাছিল।
ৰাহুল গান্ধীৰ ভাষণকো কটাক্ষ কৰে BJP নেতাগৰাকীয়ে। তেওঁ কয় যে পুৱাৰে পৰা সমাৱেশটো চাই থকাৰ লগতে ৰাহুল গান্ধীৰ বক্তব্য মনোযোগেৰে শুনিছিল। কিন্তু শেষত তেওঁৰ এনে অনুভৱ হৈছিল যে এই সময়খিনি সম্পূৰ্ণৰূপে অপচয় হ’ল।
উল্লেখ্য যে, INDIA মিত্ৰজোঁটে ভোটাৰ তালিকাৰ বিশেষ সংশোধন (SIR) প্ৰক্ৰিয়াৰ বিৰুদ্ধে আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ৰামলীলা ময়দানত এই সমাৱেশ অনুষ্ঠিত কৰিছিল।