উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কংগ্ৰেছক মানসিকভাৱে দেউলীয়া আৰু বিকৃত আখ্যা দি কটাক্ষ কৰিছে। তেওঁ অভিযোগ কৰে যে কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিয়ে দেশৰ সাংবিধানিক সংস্থাসমূহক প্ৰশ্নৰ কাঠগড়াত থিয় কৰাইছে।
এটা ভাষণত যোগীয়ে কয়, মহৰ্ষি বাল্মীকিয়ে দেশক ৰামৰ সৈতে সংযোগ কৰাইছিল আৰু মধ্যযুগত গোস্বামী তুলসীদাসে সেই সম্পৰ্ক আগবঢ়াইছিল। নতুন ভাৰতত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক গৌৰৱ দিছে বুলিও তেওঁ মন্তব্য কৰে।
ৰামবিৰোধীসকলে এই কথাটো মানি ল’ব নোৱাৰে বুলিও যোগীয়ে দাবী কৰে। সেইবাবেই তেওঁলোকে অনৰ্থক কথা কৈ আছে আৰু নতুন নতুন ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ তোলে তেওঁ।
দেশত অসততা, দুৰ্নীতি, অরাজকতা আৰু দেশৰ সুৰক্ষাক লৈ খেলিমেলি কৰাটো যিসকলৰ স্বভাৱ আছিল, তেওঁলোকেই এতিয়া সাংবিধানিক সংস্থাৰ বিৰুদ্ধে কথা কৈছে বুলি যোগীয়ে কয়। তেওঁৰ মতে, এনে পদক্ষেপে ভাৰতৰ সংবিধানক অপমান কৰিছে।
ঝান্সীৰ ৰাণী লক্ষ্মীবাই, নানা সাহেব পেশোৱা, তাত্যা টোপে, চন্দ্ৰশেখৰ আজাদ, পণ্ডিত ৰাম প্ৰসাদ বিস্মিল, ঠাকুৰ ৰোশন সিং, আশফাকউল্লা খান, বাবাসাহেব ভীমৰাও আম্বেদকাৰ আৰু সৰ্দাৰ বল্লভভাই পেটেলকো এনে আচৰণে অপমান কৰিছে বুলি যোগীয়ে অভিযোগ কৰে।
কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীক শিক্ষা দিয়াৰ সময় আহি আছে বুলি মন্তব্য কৰি যোগীয়ে জনসাধাৰণক আহ্বান জনায়। ভাৰত আৰু সাংবিধানিক সংস্থাসমূহক অপমান কৰা লোকসকলক কোনো পৰিস্থিতিতে গ্ৰহণ কৰিব নালাগে বুলিও তেওঁ কয়।