‘মুখ্যমন্ত্ৰীয়ে মিঞা মানুহক উচ্ছেদ কৰি ভাল নাপায়’—এই বক্তব্যক লৈ প্ৰশ্ন উত্থাপন কৰিছে নেমছুৰ সভাপতি বদৰুল ইছলামে। অসমৰ উচ্ছেদ অভিযানত মুছলমানক বাছি বাছি লক্ষ্য কৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীৰ বক্তব্য আৰু চৰকাৰৰ কাৰ্যকলাপৰ মাজত বৈপৰীত্য থকা বুলি দাবী কৰিছে তেওঁ।
বনভূমি, বনাঞ্চল আৰু অভয়াৰণ্য বেদখলমুক্ত কৰাৰ পদক্ষেপক সমৰ্থন কৰিও উচ্ছেদৰ ক্ষেত্ৰত ধৰ্মৰ ভিত্তিত পৃথক নীতি গ্ৰহণৰ বিৰোধিতা কৰিছে বদৰুল ইছলামে। অৱশ্যে, মুছলমানক লক্ষ্য কৰি উচ্ছেদ চলোৱাৰ অভিযোগৰ সত্যতা স্বতন্ত্ৰভাৱে পৰীক্ষা কৰা প্ৰয়োজন।