জুবিন গাৰ্গৰ ন্যায়ৰ দাবীক কেন্দ্ৰ কৰি আন্দোলন চলি থকাৰ মাজতে বিষয়টো আদালতৰ বিচাৰাধীন বুলি উল্লেখ কৰি এই সন্দৰ্ভত অধিক মন্তব্য কৰাৰ পৰা বিৰত থাকিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিচাৰ প্ৰক্ৰিয়া চলি থকা অৱস্থাত আদালতক লক্ষ্য কৰি মন্তব্য কৰিলে ন্যায়িক প্ৰক্ৰিয়াত নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা থাকে। এনে বক্তব্যই বিচাৰাধিপতিৰ মনতো অসন্তুষ্টিৰ সৃষ্টি কৰিব পাৰে বুলি তেওঁ মন্তব্য কৰে।

তেওঁৰ মতে, ইয়াৰ ফলত শুনানিৰ ওপৰত প্ৰভাৱ পৰিলে জুবিনৰ ন্যায় বিচৰা পক্ষৰ বাবেই সেয়া ক্ষতিকাৰক হ’ব পাৰে। বিষয়টোৰ আৰম্ভণিৰে পৰাই একাংশ লোকে আদালতক লক্ষ্য কৰি মন্তব্য কৰি অহা বুলিও তেওঁ অভিযোগ কৰে। এই সমগ্ৰ বিষয়টো ৰাইজে লক্ষ্য কৰি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বিচাৰাধীন বিষয়টোক লৈ সংযত মন্তব্য কৰাৰ ইংগিত দিয়ে।