নতুন দিল্লী, ১৩ নৱেম্বৰ: ২০২৬ চনৰ অক্টোবৰত ভাৰতৰ সামগ্ৰী আৰু সেৱা খণ্ডৰ মুঠ ৰপ্তানি বিগত বছৰৰ একে সময়ছোৱাৰ তুলনাত ২৯.৯ শতাংশ বৃদ্ধি পাই ৮৯.৯৯ বিলিয়ন ডলাৰত উপনীত হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ে শুকুৰবাৰে এই তথ্য প্ৰকাশ কৰে।

২০২৫ চনৰ অক্টোবৰত দেশৰ মুঠ ৰপ্তানিৰ পৰিমাণ আছিল ৬৯.২৭ বিলিয়ন ডলাৰ। আনহাতে, ২০২৬ চনৰ অক্টোবৰত ভাৰতৰ মুঠ আমদানি বৃদ্ধি পাই ১১০.০৭ বিলিয়ন ডলাৰ হৈছে। বিগত বছৰৰ অক্টোবৰত এই পৰিমাণ আছিল ৯৪.৪২ বিলিয়ন ডলাৰ।

অক্টোবৰত দেশৰ সামগ্ৰিক বাণিজ্য ঘাটি হ্ৰাস পাই ২০.০৯ বিলিয়ন ডলাৰ হৈছে। ২০২৫ চনৰ একে মাহত বাণিজ্য ঘাটিৰ পৰিমাণ আছিল ২৫.১৫ বিলিয়ন ডলাৰ।

সামগ্ৰীৰ ৰপ্তানি ৪৫.০৬ শতাংশ বৃদ্ধি পাই ৪৯.৪৭ বিলিয়ন ডলাৰত উপনীত হৈছে। ২০২৫ চনৰ অক্টোবৰত সামগ্ৰীৰ ৰপ্তানি আছিল ৩৪.১১ বিলিয়ন ডলাৰ। আনহাতে, সামগ্ৰীৰ আমদানি বৃদ্ধি পাই ৮৯.৩৫ বিলিয়ন ডলাৰ হোৱাত এই খণ্ডৰ বাণিজ্য ঘাটি ৩৯.৮৮ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে।

সেৱা খণ্ডত অক্টোবৰৰ ৰপ্তানি আনুমানিক ৪০.৫১ বিলিয়ন ডলাৰ আৰু আমদানি আনুমানিক ২০.৭২ বিলিয়ন ডলাৰ হৈছে। এই খণ্ডত ১৯.৭৯ বিলিয়ন ডলাৰৰ বাণিজ্য উদ্বৃত্তই সামগ্ৰিক বাণিজ্য ঘাটি হ্ৰাস কৰাত সহায় কৰিছে।

সামগ্ৰীৰ ৰপ্তানিৰ শক্তিশালী বৃদ্ধিয়ে অক্টোবৰ মাহত দেশৰ মুঠ ৰপ্তানি বৃদ্ধিত বিশেষ ভূমিকা পালন কৰিছে যদিও আমদানি বৃদ্ধিৰ ফলত সামগ্ৰীৰ বাণিজ্য ঘাটি অব্যাহত আছে।