বিহাৰৰ পাটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেই কৰা মন্তব্যক লৈ সৰৱ হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। তেওঁৰ অভিযোগ, প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালক লৈ অপমানজনক মন্তব্য কৰাটো কংগ্ৰেছৰ ৰাজনৈতিক সংস্কৃতিৰ অংশ হৈ পৰিছে।
নীতিন নবীনে কয় যে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ দৰে জ্যেষ্ঠ নেতাৰ পৰা এনে অশোভনীয় ভাষা ব্যৱহাৰ আশা কৰা নাযায়। তেওঁৰ অভিযোগ, ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছৰ নেতাসকলে অতীততো প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি ব্যক্তিগত আক্ৰমণ চলাই আহিছে।
বিজেপি সভাপতিগৰাকীয়ে এই ধৰণৰ বক্তব্যক কংগ্ৰেছৰ ‘দেউলীয়া মানসিকতা’ৰ প্ৰতিফলন বুলি অভিহিত কৰে। তেওঁৰ দাবী, প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি দেশৰ কোটি কোটি লোকৰ সমৰ্থন আছে আৰু এনে ব্যক্তিগত আক্ৰমণৰ বাবে ভোটাৰসকলে পূৰ্বেও কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে। ভৱিষ্যতেও ভোটাৰে এনে আচৰণৰ প্ৰত্যুত্তৰ দিব বুলি তেওঁ মন্তব্য কৰে।