২ নৱেম্বৰ: এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নতুন ইতিহাস গঢ়িলে আফগানিস্তানে। ICCৰ পুৰুষৰ এদিনীয়া দলৰ শেহতীয়া ৰেংকিঙত দুটা স্থান আগুৱাই ষষ্ঠ স্থান দখল কৰিছে দলটোৱে। ইয়াৰ লগে লগে শ্ৰীলংকা আৰু ইংলেণ্ডক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে আফগানিস্তান।

১ নৱেম্বৰত প্ৰকাশিত ৰেংকিং অনুসৰি, আফগানিস্তানৰ ৰেটিং ৯৪। দলটোৰ মুঠ পইণ্ট ২,৯২৬ আৰু খেলা মেচৰ সংখ্যা ৩১খন। আনহাতে, শ্ৰীলংকা ৯৪ ৰেটিং পইণ্টেৰে সপ্তম স্থানলৈ অৱনমিত হৈছে। ইংলেণ্ড আছে অষ্টম স্থানত।

আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে সামাজিক মাধ্যমযোগে এই সাফল্যৰ কথা প্ৰকাশ কৰিছে। বিগত কেইবছৰ ধৰি দ্বিপাক্ষিক শৃংখলা আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ধাৰাবাহিক উন্নত প্ৰদৰ্শনেৰে দলটোৱে বিশ্ব ক্ৰিকেটত নিজৰ স্থান শক্তিশালী কৰি আহিছে।

উল্লেখযোগ্য যে, অক্টোবৰত জিম্বাবুৱেৰ বিৰুদ্ধে ত্ৰিদেশীয় শৃংখলাৰ ফাইনেলত জয়লাভ কৰাৰ পাছত আফগানিস্তানে পূৰ্বে সপ্তম স্থানলৈ উন্নতি কৰিছিল। শেহতীয়া ৰেংকিঙত আৰু এখোজ আগুৱাই দলটোৱে এদিনীয়া ক্ৰিকেটত নিজৰ সৰ্বোচ্চ স্থান লাভ কৰিছে।