গুৱাহাটী: অসম ক্ৰিকেট সন্থাৰ (এ চি এ) ক্ৰিকেট একাডেমীত স্পীন বলিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে প্ৰাক্তন ভাৰতীয় টেষ্ট ক্ৰিকেটাৰ লক্ষ্মণ শিৱৰামকৃষ্ণনক। নৱেম্বৰ মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ উত্তৰ গুৱাহাটীৰ ফুলুঙত অৱস্থিত ক্ৰিকেট একাডেমীত তেওঁ এবছৰীয়া কাৰ্যকালৰ বাবে এই দায়িত্ব পালন কৰিব।
প্ৰখ্যাত লেগ স্পিনাৰগৰাকীয়ে একাডেমীৰ উঠি অহা আৰু প্ৰতিভাৱান স্পীন বলাৰসকলক পৰিকল্পিত প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰিব। ইয়াৰ লগতে তেওঁ বিভিন্ন প্ৰশিক্ষণ শিবিৰো পৰিচালনা কৰিব।
টেষ্ট আৰু এদিনীয়া ক্ৰিকেটত ভাৰতক প্ৰতিনিধিত্ব কৰা লক্ষ্মণ শিৱৰামকৃষ্ণনে ১৯৮৫ চনত অষ্ট্ৰেলিয়াত অনুষ্ঠিত বেনছন এণ্ড হেজেছ ৱৰ্ল্ড ছিৰিজ ক্ৰিকেটত ভাৰতৰ সফল অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিজ্ঞপ্তিযোগে এই নিযুক্তিৰ কথা সদৰী কৰিছে।