নতুন দিল্লী, ১৮ নৱেম্বৰ: জনপ্ৰিয় ৱেব ছিৰিজ ‘পঞ্চায়ত’ৰ পঞ্চম ছিজন অহা ৩ ডিচেম্বৰত প্ৰাইম ভিডিঅ’ত মুক্তি পাব। ছিৰিজখনৰ নতুন পোষ্টাৰ প্ৰকাশ কৰি মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে।

পোষ্টাৰৰ লগত দিয়া বাৰ্তাত কোৱা হৈছে যে, ফূলেৰা গাঁৱত এইবাৰো থাকিব সংঘাত আৰু মৰমৰ কাহিনী। নতুন ছিজনত গাঁওখনৰ চিনাকি চৰিত্ৰসমূহক পুনৰ দেখা পাব দৰ্শকে।

পঞ্চম ছিজনত জিতেন্দ্ৰ কুমাৰ, ৰঘুবীৰ যাদৱ, নীনা গুপ্তা আৰু অশোক পাঠকক পুনৰ তেওঁলোকৰ চিনাকি চৰিত্ৰত দেখা যাব।

চতুৰ্থ ছিজনৰ শেষত ফূলেৰা গাঁৱৰ ৰাজনীতিত ডাঙৰ পৰিৱৰ্তন ঘটিছিল। নিৰ্বাচনত প্ৰধানজী আৰু মঞ্জু দেৱীৰ পৰাজয়ৰ পিছত ক্ৰান্তি দেৱী গাঁওখনৰ নতুন প্ৰধান হিচাপে নিৰ্বাচিত হৈছিল। তেওঁৰ স্বামী বনৰাকাছেও নতুন ক্ষমতাকেন্দ্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

নতুন ছিজনৰ কাহিনী এই ৰাজনৈতিক পৰিৱৰ্তনক কেন্দ্ৰ কৰি আগবঢ়াৰ সম্ভাৱনা আছে। নতুন প্ৰধানৰ অধীনত সচিবজী অৰ্থাৎ অভিষেক ত্ৰিপাঠীৰ কাম-কাজত নতুন প্ৰত্যাহ্বান আহিব। গাঁৱৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰাৰ লগতে এমবিএ কৰাৰ সপোন পূৰণৰ প্ৰস্তুতিও চলাব অভিষেকে। প্ৰধানজী আৰু মঞ্জু দেৱীৰ পৰাজয়ৰ পিছৰ জীৱনো নতুন ছিজনৰ অন্যতম আকৰ্ষণ হ’ব।

২০২০ চনত আৰম্ভ হোৱা ‘পঞ্চায়ত’ ৱেব ছিৰিজখনে সহজ-সৰল গ্ৰাম্য জীৱন, হাস্যৰস আৰু চৰিত্ৰসমূহৰ জৰিয়তে দৰ্শকৰ মাজত বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল। ২০২২ চনত দ্বিতীয় ছিজন, ২০২৪ চনত তৃতীয় ছিজন আৰু তাৰ পিছত চতুৰ্থ ছিজন মুক্তি পাইছিল।