জাগীৰোড, ১৭ নৱেম্বৰ: মৰিগাঁৱৰ দলবাৰীৰ আশ্ৰাফুল ইছলাম হত্যাকাণ্ডৰ অভিযোগত জাগীৰোড আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। তদন্তত আশ্ৰাফুলৰ ঘনিষ্ঠ বন্ধু চাজৰুল হকো হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত বুলি পোহৰলৈ আহিছে।

গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে মায়ঙৰ ছাগলীকটা বিলপাৰৰ ছাইদুল ইছলাম, জাগীৰোডৰ বহা পাহাৰৰ উমৰ ফাৰুক আৰু মিকিৰভেটাৰ চাজৰুল হক। শনিবাৰে নিশা জাগীৰোডৰ মনহাত সংঘটিত ঘটনাৰ পাছতে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত চলাই তিনিওজনকে গ্ৰেপ্তাৰ কৰে।

জাগীৰোডৰ বুৰাবুৰীৰ একাংশ লোকে আশ্ৰাফুলৰ চুইফট বাহনখন ভাড়াত লৈ গুৱাহাটীলৈ গৈছিল বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ পৰা উভতি অহাৰ সময়ত এজন লোকক লৈ সন্দেহ উপজাত আশ্ৰাফুলে সেই লোকজনৰ ফটো আৰু ফোন নম্বৰ পত্নীলৈ প্ৰেৰণ কৰিছিল।

ইয়াৰ কিছু সময় পাছতে আশ্ৰাফুলৰ ম’বাইল ফোন বন্ধ হৈ পৰে। দেওবাৰে পুৱতি নিশা জাগীৰোডৰ মনহাত বাহনখনৰ ভিতৰতে সন্দেহজনক অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়। দুৰ্বৃত্তই হত্যাকাণ্ডটোক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱা বুলি অভিযোগ উঠিছে।

নিহত আশ্ৰাফুলৰ আত্মীয়সকলে এই হত্যাকাণ্ডৰ সৈতে আন কেইবাজনো লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। ধৃত তিনিওজন পূৰ্বেও বিভিন্ন অপৰাধমূলক কাৰ্যকলাপৰ বাবে কাৰাবাস খাটিছিল বুলিও তেওঁলোকে দাবী কৰিছে।

আত্মীয়সকলে হত্যাকাণ্ডৰ অভিযুক্তসকলক এনকাউণ্টাৰ কৰিবলৈ মুখ্যমন্ত্ৰীক হাতযোৰ কৰি আহ্বান জনাইছে। ঘটনাটোৰ সন্দৰ্ভত জাগীৰোড থানাত ৩৪১/২৬ নম্বৰত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।