বৰহাট, ১৬ নৱেম্বৰ: ৰঙাজান ট্ৰেজেডীৰ চাঞ্চল্য় মাৰ নৌযাওতেই এইবাৰ আন এক শোকাবহ দুৰ্ঘটনাতপতিত বিবাহযাত্ৰীৰ বাহন
চৰাইদেউ জিলাৰ বৰহাট অঞ্চলত জোৰোণ দিবলৈ যোৱা বিবাহযাত্ৰী কঢ়িয়াই নিয়া এখন টাটা এচি বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাত ২১জন লোক আহত হৈছে।
আহতসকলৰ ভিতৰত ১৬জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। তেওঁলোকক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
সামগ্ৰী কঢ়িওৱা বাহনখনৰ খোলা অংশত বিবাহযাত্ৰীসকলে যাত্ৰা কৰি আছিল। যাত্ৰাপথত চালকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এটা বৈদ্যুতিক খুঁটাত খুন্দা মৰাত দুৰ্ঘটনাটো সংঘটিত হয়।
ইফালে, বৰহাট অঞ্চলৰ বিধ্বস্ত পথৰ অৱস্থাক লৈ স্থানীয় ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।
দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু আৰক্ষীৰ পৰৱৰ্তী ব্যৱস্থা সন্দৰ্ভত এতিয়ালৈকে আনুষ্ঠানিক তথ্য প্ৰকাশ পোৱা নাই।