গুঞ্জন মণ্টেশ্বৰী প্ৰাক-প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস উদযাপন।

গুঞ্জন মণ্টেশ্বৰী প্ৰাক-প্ৰাথমিক বিদ্যালয়ত শিশু দিৱসৰ অনুষ্ঠানত কণ কণ শিশুসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে। কেইটামান বিশেষ কাৰণত শিশু দিৱসৰ দিনা উক্ত অনুষ্ঠানৰ আয়োজন কৰিব পৰা নগ’ল। আজি বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিৱেশত শিশু দিৱসৰ অনুষ্ঠান অনুষ্ঠিত হয়। কণ কণ শিশুসকলে গীত আৰু সংগীতৰ তালে তালে নৃত্য পৰিৱেশন কৰি উপস্থিত সকলোৰে মন মুহিবলৈ সক্ষম হয়। শিশু দিৱসৰ অনুষ্ঠান উপলক্ষে বিদ্যালয়ৰ তৰফৰ পৰা শিশুসকলক উপহাৰ প্ৰদান কৰা হয়।

এই অনুষ্ঠানত ডুমডুমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনুজ্জল গগৈ, শিক্ষক শৰৎ চিৰিং ফুকন, প্ৰাক্তন শিক্ষয়িত্ৰী কিৰণময়ী হাজৰিকা, মীনা গগৈ, সীমা চৌধুৰী আৰু নিৰালা চৌধুৰী উপস্থিত থাকে।