‘এয়া ভোট বচাও সমাৱেশ নহয়, অনুপ্ৰৱেশকাৰী বচাও সমাৱেশ’—অমিত শ্বাহৰ কটাক্ষ
বিৰোধী INDIA মিত্ৰজোঁটৰ ‘ভোট বচাও, দেশ বচাও’ সমাৱেশক ‘অনুপ্ৰৱেশকাৰী বচাও সমাৱেশ’ বুলি কটাক্ষ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ২ নৱেম্বৰত হায়দৰাবাদত বিজেপিৰ ‘লোকতন্ত্ৰ বচাও, অৰাজকতা হটাও’ পদযাত্ৰাত অংশগ্ৰহণ কৰি SIRক লৈ বিৰোধীক আক্ৰমণ কৰে তেওঁ।
NewzNow ডেস্ক
১ মিনিটত পঢ়িব পাৰি
📱 ছবিৰে চাওক (ৱেব ষ্ট'ৰী)
হায়দৰাবাদ, ২ নৱেম্বৰ: বিৰোধী INDIA মিত্ৰজোঁটৰ ‘ভোট বচাও, দেশ বচাও’ সমাৱেশক লৈ তীব্ৰ কটাক্ষ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ‘এয়া ভোট বচাও সমাৱেশ নহয়, অনুপ্ৰৱেশকাৰী বচাও সমাৱেশ’ বুলি বিৰোধীক লক্ষ্য কৰি মন্তব্য কৰে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে।
দিল্লীৰ ৰামলীলা ময়দানত ১ নৱেম্বৰত অনুষ্ঠিত বিৰোধীৰ সমাৱেশৰ এদিন পিছতে হায়দৰাবাদত বিজেপিৰ প্ৰতিবাদী পদযাত্ৰাত অংশগ্ৰহণ কৰে অমিত শ্বাহে। নিৰ্বাচনী তালিকাৰ বিশেষ সংশোধন (SIR)ক লৈ বিৰোধীয়ে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিয়াই আছিল বিজেপিৰ এই কাৰ্যসূচীৰ উদ্দেশ্য।
খবৰটো উপযোগী হ'লে আপোনাৰ পৰিয়াল আৰু বন্ধুৰ সৈতে শ্বেয়াৰ কৰক।
ভুল দেখিছে? আমাক জনাওক।