পুনে, ২ নৱেম্বৰ: মহাৰাষ্ট্ৰৰ পুনেৰ শিৱাজীনগৰস্থিত জিলা আৰু সত্ৰ আদালতলৈ বোমা বিস্ফোৰণৰ ভাবুকি দি ই-মেইল প্ৰেৰণ কৰাক লৈ সোমবাৰে সৃষ্টি হয় তীব্ৰ চাঞ্চল্য। ভাবুকিৰ বাৰ্তা লাভ কৰাৰ পিছতে সাৱধানতামূলক ব্যৱস্থা হিচাপে আদালত চৌহদ খালী কৰোৱা হয়। আৰক্ষী আৰু বোমা নিষ্ক্ৰিয়কৰণকাৰী দলে আৰম্ভ কৰে তালাচী অভিযান।
আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, আদালত প্ৰশাসনে ই-মেইলযোগে আদালতৰ ভৱনৰ ভিতৰত বোমা ৰখা বুলি ভাবুকি লাভ কৰিছিল। ইয়াৰ পিছতে আদালত চৌহদৰ পৰা লোকসকলক আঁতৰাই নিয়া হয় আৰু নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হয়।
ঘটনাস্থলীত Bomb Detection and Disposal Squad (BDDS)-ক মাতি পঠিওৱা হয়। বোমা বা আন কোনো সন্দেহজনক সামগ্ৰী আছে নেকি, সেই সন্দৰ্ভত আদালতৰ চৌহদত তালাচী চলোৱা হৈছে।
ইফালে, কেৱল পুনেৰ আদালতেই নহয়, মহাৰাষ্ট্ৰৰ থানে, হিংগোলী আৰু বীডৰ জিলা আৰু সত্ৰ আদালতলৈও সোমবাৰে বোমা বিস্ফোৰণৰ ভাবুকি থকা ই-মেইল অহাৰ খবৰ পোৱা গৈছে। এই ঘটনাসমূহৰ পিছত সংশ্লিষ্ট আদালতসমূহতো নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হয়।
থানে, হিংগোলী আৰু বীডৰ আদালত চৌহদত চলোৱা প্ৰাথমিক তালাচীত কোনো সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই বুলি আৰক্ষীয়ে জনাইছে। আনহাতে, পুনেৰ শিৱাজীনগৰ আদালতত তালাচী অভিযান চলি থকাৰ সময়ত কোনো বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হোৱা বুলি নিশ্চিত তথ্য প্ৰকাশ পোৱা নাই।
ভাবুকি প্ৰেৰণ কৰা ই-মেইলসমূহৰ উৎস বিচাৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষী আৰু চাইবাৰ বিভাগে। ভাবুকিসমূহ প্ৰকৃত নে ভুৱা, সেয়া তদন্তৰ পিছতহে স্পষ্ট হ’ব।