মুম্বাই, ২ নৱেম্বৰ: SIR বিৰোধী প্ৰতিবাদত অংশ লোৱাৰ বাবে অভিনেতা ইমৰান খানক চৰ্তহীন ক্ষমা বিচাৰিবলৈ অথবা শপতনামা বা লিখিত প্ৰতিশ্ৰুতিৰ জৰিয়তে দুখ প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে বম্বে উচ্চ ন্যায়ালয়ে। লগতে ভৱিষ্যতে এনে প্ৰতিবাদত অংশ নোলোৱাৰ নিশ্চয়তা দিবলৈও আদালতে তেওঁক কৈছে। আদালতৰ এই নিৰ্দেশৰ পাছতে অভিনেতাগৰাকীয়ে প্ৰতিশ্ৰুতি দাখিল কৰে।

ইমৰান খান আমেৰিকাৰ নাগৰিক আৰু Overseas Citizen of India (OCI) কাৰ্ডধাৰী। SIR-ৰ ফলত তেওঁ প্ৰত্যক্ষভাৱে প্ৰভাৱিত নহয় বুলি উল্লেখ কৰি আদালতে কয় যে তেওঁক ভাৰতীয় নাগৰিকৰ সমান অধিকাৰৰ ভিত্তিত বিবেচনা কৰিব নোৱাৰি। দেশখনক সমালোচনা কৰাৰ অধিকাৰ তেওঁৰ নাই বুলিও আদালতে মৌখিক মন্তব্য কৰে।

ইমৰান খানৰ বিৰুদ্ধে Foreigners Regional Registration Office (FRRO)-এ জাৰি কৰা ‘Leave India Notice’ প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে এই মন্তব্য কৰে। ১৪ অক্টোবৰত জাৰি কৰা জাননীখনত তেওঁক ২৮ অক্টোবৰৰ ভিতৰত ভাৰত এৰিবলৈ কোৱা হৈছিল। অৱশ্যে ২৮ অক্টোবৰত উচ্চ ন্যায়ালয়ে জাননীখনৰ কাৰ্যকৰিতা স্থগিত ৰাখিছিল। সোমবাৰে আদালতে সেই স্থগিতাদেশ ৭ ডিচেম্বৰলৈ বৃদ্ধি কৰে।

উল্লেখ্য, ১০ অক্টোবৰত মুম্বাইৰ আগষ্ট ক্ৰান্তি ময়দানৰ সমীপত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰতিবাদত অংশ লোৱাৰ সময়ত ইমৰান খানক মুম্বাই আৰক্ষীয়ে আটক কৰিছিল। ইয়াৰ কেইদিনমান পাছতে বিজেপি নেতা কিৰিট সোমাইয়াই অভিনেতাগৰাকীয়ে OCI-ৰ নিয়ম আৰু ভিছাৰ চৰ্ত উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল।

মুম্বাই আৰক্ষীয়ে অভিযোগৰ ভিত্তিত এটা FIR FRRO-লৈ প্ৰেৰণ কৰে। Indian Express-ৰ প্ৰতিবেদন অনুসৰি, আৰক্ষীয়ে প্ৰেৰণ কৰা FIR-টো তেতিয়াও প্ৰমাণিত হোৱা নাছিল। তাৰ পাছতে FRRO-এ ইমৰান খানলৈ ভাৰত এৰাৰ জাননী জাৰি কৰে।

আদালতে FRRO-ৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে। ভাৰতত চাৰি দশকৰো অধিক সময় ধৰি বাস কৰি অহা আৰু পূৰ্বে কোনো অপৰাধমূলক অভিলেখ নথকা ব্যক্তিক ‘Leave India Notice’ জাৰি কৰাৰ আগতে অন্ততঃ নিজৰ পক্ষ সমৰ্থনত বক্তব্য দিয়াৰ সুযোগ দিব লাগিছিল বুলি আদালতে মৌখিক মন্তব্য কৰে।

ইমৰান খানৰ আবেদনৰ পৰৱৰ্তী শুনানি ৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব।