নতুন দিল্লী, ২২ নৱেম্বৰ: পশ্চিম এছিয়াৰ সংঘাত আৰু হৰমুজ প্ৰণালীৰে শক্তি পৰিবহণত সৃষ্টি হোৱা বাধাৰ ফলত ভাৰতৰ শক্তি আমদানিয়ে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ২০২৬ চনৰ অক্টোবৰ মাহত দেশৰ নিকা তেল আৰু গেছ আমদানিৰ ব্যয় বিগত বৰ্ষৰ একে সময়ছোৱাৰ তুলনাত ৬০ শতাংশ বৃদ্ধি পাই ১৬ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত হৈছে। পেট্ৰ’লিয়াম প্লেনিং এণ্ড এনালাইচিছ চেল চমুকৈ পিপিএচিৰ শেহতীয়া তথ্যত এই কথা প্ৰকাশ পাইছে।

২০২৫ চনৰ অক্টোবৰ মাহত দেশখনৰ নিকা তেল আৰু গেছ আমদানি ব্যয় আছিল ১০ বিলিয়ন ডলাৰ। মূলতঃ আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰায় দুগুণ বৃদ্ধি পোৱাৰ ফলতে এই ব্যয় অস্বাভাৱিকভাৱে বাঢ়িছে। অক্টোবৰত ব্ৰেণ্ট খাৰুৱা তেলৰ গড় মূল্য প্ৰতি বেৰেলত ১২৪.৭৭ ডলাৰ হয়, যিটো পূৰ্বৰ বছৰৰ একে সময়ছোৱাত আছিল ৬৪.৭৫ ডলাৰ। ভাৰতীয় খাৰুৱা তেলৰ বাস্কেটৰ গড় মূল্যও প্ৰতি বেৰেলত ৬৫.০৮ ডলাৰৰ পৰা ১১৯.৯১ ডলাৰলৈ বৃদ্ধি পাইছে।

কেৱল খাৰুৱা তেল আমদানিতে অক্টোবৰত ভাৰতে ব্যয় কৰিবলগীয়া হৈছে ১৯.৫ বিলিয়ন ডলাৰ। বিগত বছৰৰ একে সময়ত এই ব্যয় আছিল ১০.৪ বিলিয়ন ডলাৰ। অৱশ্যে আমদানিৰ পৰিমাণ ১১ শতাংশ বৃদ্ধি পাই ২৩.৩ নিযুত টন হয়। আনহাতে, তৰলীকৃত প্ৰাকৃতিক গেছ চমুকৈ এলএনজি আমদানিৰ নামত ১.৩ বিলিয়ন ডলাৰ ব্যয় হোৱাৰ বিপৰীতে পেট্ৰ’লিয়াম সামগ্ৰী ৰপ্তানি কৰি দেশে ৬.৩ বিলিয়ন ডলাৰ লাভ কৰিছে।

এলপিজিৰ ব্যৱহাৰ হ্ৰাস

শক্তি যোগানৰ সংকটৰ প্ৰভাৱ ৰন্ধন গেছ অৰ্থাৎ এলপিজি খণ্ডত স্পষ্ট হৈ পৰিছে। অক্টোবৰত দেশত এলপিজিৰ ব্যৱহাৰ ১২.৩ শতাংশ হ্ৰাস পায়। ২০২৬ চনৰ এপ্ৰিলৰ পৰা অক্টোবৰলৈ এই হ্ৰাসৰ হাৰ আছিল ১৫.১ শতাংশ। পিপিএচিৰ তথ্য অনুসৰি, দেশত সক্ৰিয় ঘৰুৱা এলপিজি গ্ৰাহকৰ সংখ্যা ১ এপ্ৰিলত ৩৩.৪ কোটিৰ পৰা ১ নৱেম্বৰত ৩২.৬ কোটিলৈ নামিছে।

অক্টোবৰ মাহত ব্যক্তিগত খণ্ডৰ প্ৰত্যক্ষ এলপিজি আমদানি ৮৩.৮ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম সাত মাহত এই হ্ৰাসৰ পৰিমাণ হৈছে ৯৭.৩ শতাংশ। চৰকাৰী তেল কোম্পানীসমূহৰ ঘৰুৱা পেকেট এলপিজি বিক্ৰী ১১.৮ শতাংশ আৰু বাল্ক এলপিজি বিক্ৰী ৪৯.১ শতাংশ হ্ৰাস পাইছে যদিও অট’ এলপিজিৰ বিক্ৰী ২৩.৯ শতাংশ বৃদ্ধি পায়।

সাত মাহত আমদানি ব্যয় ৯৭.৭ বিলিয়ন ডলাৰ

চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা অক্টোবৰলৈ ভাৰতৰ নিকা তেল আৰু গেছ আমদানি ব্যয় বিগত বৰ্ষৰ ৭০.৩ বিলিয়ন ডলাৰৰ তুলনাত বৃদ্ধি পাই ৯৭.৭ বিলিয়ন ডলাৰ হৈছে। এই সাত মাহত খাৰুৱা তেল আমদানিৰ বাবে মুঠ ১১১ বিলিয়ন ডলাৰ ব্যয় কৰা হৈছে, যিটো পূৰ্বৰ বছৰত আছিল ৭২.৩ বিলিয়ন ডলাৰ। এই সময়ছোৱাত খাৰুৱা তেলৰ আমদানিৰ পৰিমাণ মাত্ৰ ২.৭ শতাংশ বৃদ্ধি পাইছে।

দেশত অন্যান্য ইন্ধনৰ ব্যৱহাৰত সামান্য বৃদ্ধি পৰিলক্ষিত হৈছে। অক্টোবৰত ডিজেলৰ ব্যৱহাৰ ১২ শতাংশ বৃদ্ধি পাই ৮.৫ নিযুত টন হয়। পেট্ৰ’লৰ বিক্ৰী ৩.৫ শতাংশ আৰু বিটুমিনৰ ব্যৱহাৰ ১৬.৫ শতাংশ বাঢ়িছে। সামগ্ৰিকভাৱে পেট্ৰ’লিয়াম সামগ্ৰীৰ ব্যৱহাৰ ২.৭ শতাংশ বৃদ্ধি পাই ২০.৫ নিযুত টন হৈছে। বিপৰীতে প্ৰাকৃতিক গেছৰ ব্যৱহাৰ ৭.২৭ শতাংশ হ্ৰাস পাই ৫,৭০৭ নিযুত ষ্টেণ্ডাৰ্ড ঘনমিটাৰ হয় আৰু এলএনজি আমদানি ৬.৯৪ শতাংশ হ্ৰাস পাই ৩,০১৪ নিযুত ষ্টেণ্ডাৰ্ড ঘনমিটাৰ হৈছে।

বৰ্তমান ভাৰতৰ খাৰুৱা তেলৰ প্ৰয়োজনীয়তাৰ প্ৰায় ৮৯ শতাংশ আমদানিৰ ওপৰত নিৰ্ভৰশীল। অক্টোবৰত খাৰুৱা তেলৰ প্ৰয়োজনীয়তাৰ ৮৮.৭ শতাংশ আৰু প্ৰাকৃতিক গেছৰ ক্ষেত্ৰত ৫২.৮ শতাংশ আমদানিৰ জৰিয়তে পূৰণ কৰা হৈছে। অক্টোবৰত দেশৰ শোধনাগাৰসমূহে ২৪.১ নিযুত টন খাৰুৱা তেল শোধন কৰে, য’ত ২২ নিযুত টনেই আছিল আমদানিকৃত। আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাৰ তথ্য অনুসৰি, পশ্চিম এছিয়াত জাহাজ পৰিবহণ বিঘ্নিত হোৱাৰ প্ৰথম দুমাহত দেশৰ এলপিজি আমদানি ৫০ শতাংশৰো অধিক হ্ৰাস পাইছিল।