প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দাবী কৰে যে দেশবাসীয়ে সোণ কম কিনিবলৈ দিয়া তেওঁৰ আহ্বান মানি চলাত সোণৰ দাম কমি গৈছে।

মোদীয়ে ক'লে, প্ৰয়োজন নাথাকিলে এবছৰলৈ সোণ নিকিনিবলৈ তেওঁ দেশবাসীক অনুৰোধ জনাইছিল। এজন সাধাৰণ ব্যক্তি হিচাপে দিয়া এই আহ্বান দেশবাসীয়ে মানি চলিছে বুলিও তেওঁ ক'লে।

সোণ কম কিনাৰ ফলত দাম কমি গ'ল বুলি দাবী কৰি প্ৰধানমন্ত্ৰীয়ে ক'লে, বহুতে এতিয়া তেওঁক কৈছে যে তেওঁৰ কথা মানি চলাত তেওঁলোকৰ টকা বাচিল।

মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ কথাও উল্লেখ কৰে। শাস্ত্ৰীয়ে দেশবাসীক একবেলা আহাৰ এৰিবলৈ আহ্বান জনাইছিল আৰু দেশবাসীয়ে সেই আহ্বান মানিছিল বুলি মোদীয়ে ক'লে। দেশবাসীৰ সেই স্বভাৱ এতিয়াও একেই আছে বুলিও তেওঁ মন্তব্য কৰে।