সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতি গঠন। অঞ্চলটোৰ অন্যতম প্ৰাচীন তথা ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক আৰু সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে সাধাৰণ সভাৰ জৰিয়তে নতুন বিদ্যালয় পৰিচালনা সমিতি গঠন কৰা হৈছে। আজি অনুষ্ঠিত হোৱা সাধাৰণ সভাত সৰ্বসন্মতিক্ৰমে আব্দুল বাৰিকক সভাপতি আৰু শ্বহিদুল ইছলামক উপ-সভাপতি হিচাপে লৈ ২৫ জনীয়া এখনি পূৰ্ণাংগ পৰিচালনা সমিতি গঠন কৰা হয়।

বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা এই সাধাৰণ সভাত স্থানীয় ৰাইজ, অভিভাৱক, শিক্ষাবিদ আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। সাধাৰণ সভাৰ সিদ্ধান্ত অনুসৰি গঠন হোৱা নৱগঠিত সমিতিখনে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশৰ মানদণ্ড উন্নত কৰাৰ লগতে আন্তঃগাঁথনিমূলক উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰিব বুলি নৱনিৰ্বাচিত বিষয়ববীয়াসকলে প্ৰকাশ কৰে।

নৱগঠিত সমিতিৰ সভাপতি আব্দুল বাৰিক আৰু উপ-সভাপতি শ্বহিদুল ইছলামক অঞ্চলটোৰ বিভিন্ন দল-সংগঠন তথা সচেতন মহলে শুভেচ্ছা জ্ঞাপন কৰে। সাধাৰণ সভাৰ জৰিয়তে গঠিত এই সমিতিখনে বিদ্যালয়খনৰ গৌৰৱোজ্জ্বল ঐতিহ্য অক্ষুণ্ণ ৰাখি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত নিষ্ঠাৰে কাম কৰি যাব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।