নতুন দিল্লী, ২৯ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে তেওঁৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাত’ৰ ১৪০সংখ্যক খণ্ডত চাইবাৰ প্ৰৱঞ্চনা, ডিজিটেল সাক্ষৰতা, কৃত্ৰিম বুদ্ধিমত্তা আৰু যুৱ প্ৰজন্মৰ মাজত নিচাসক্তি প্ৰতিৰোধকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে। অনুষ্ঠানটোত তেওঁ চৰকাৰৰ ‘সঞ্চাৰ সাথী’ মঞ্চৰ সফলতাৰ বিষয়ে উল্লেখ কৰি কয় যে এই ব্যৱস্থাৰ জৰিয়তে সম্ভাৱ্য চাইবাৰ প্ৰৱঞ্চনাৰ ফলত হ’ব পৰা ৫,০০০ কোটি টকাতকৈ অধিক লোকচান ৰোধ কৰা হৈছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান সময়ত মোবাইল ফোন কেৱল যোগাযোগৰ মাধ্যম হৈ থকা নাই। ইয়াত মানুহৰ যোগাযোগৰ তথ্য, ফটো, গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু বহু মূল্যৱান সমল সংৰক্ষিত থাকে। সেয়েহে মোবাইল হেৰুওৱা বা চাইবাৰ অপৰাধৰ বলি হোৱাটো সাধাৰণ লোকৰ বাবে এক ডাঙৰ সমস্যা হৈ পৰিব পাৰে। এই ক্ষেত্ৰত ‘সঞ্চাৰ সাথী’ মঞ্চই বিশেষ ভূমিকা পালন কৰিছে বুলি তেওঁ জনায়।
তেওঁ সদৰী কৰা অনুসৰি, এই পৰ্যন্ত ‘সঞ্চাৰ সাথী’ পৰ্টেলত ৩০ কোটিতকৈ অধিকবাৰ প্ৰৱেশ কৰা হৈছে আৰু ইয়াৰ মোবাইল এপ প্ৰায় ৩ কোটি বাৰ ডাউনলোড কৰা হৈছে। তদুপৰি বেংক, পেমেণ্ট এপ, টেলিকম প্ৰতিষ্ঠান আৰু আৰক্ষীকে ধৰি ১,৬০০ৰো অধিক সংস্থা এই ব্যৱস্থাৰ সৈতে সংযুক্ত হৈ আছে। যাৰ ফলত বহু চাইবাৰ প্ৰৱঞ্চনাৰ চেষ্টা সময়মতে বিফল কৰা সম্ভৱ হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।
চৰকাৰী কৰ্মচাৰীসকলৰ দক্ষতা বৃদ্ধিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ‘আইগট কৰ্মযোগী’ নামৰ ডিজিটেল মঞ্চখনৰ কথাও উল্লেখ কৰে। তেওঁ জনায় যে এই মঞ্চত ১৭টা ভাৰতীয় ভাষাত ৭,০০০ৰো অধিক পাঠ্যক্ৰম উপলব্ধ কৰা হৈছে। ইয়াৰ ভিতৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু আধুনিক প্ৰযুক্তি সম্পৰ্কীয় ২০০ৰো অধিক পাঠ্যক্ৰম অন্তৰ্ভুক্ত আছে। চৰকাৰী কৰ্মচাৰীসকলৰ মাজত এই বিষয়সমূহ শিকাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে বুলিও তেওঁ কয়।
ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘নিচামুক্ত যুৱ অভিযান’ৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে। নিচাসক্তিৰ পৰা মুক্ত হ’বলৈ নিজৰ দৃঢ় সংকল্পৰে আগবাঢ়ি অহা যুৱক-যুৱতীসকলৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে আত্মবিশ্বাস আৰু ইচ্ছাশক্তিৰ সহায়ত বহু যুৱকে নিচাসক্তি পৰিহাৰ কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে যোৱা ২৫ অক্টোবৰত ‘মন কী বাত’ৰ ১৩৯সংখ্যক খণ্ড সম্প্ৰচাৰিত হৈছিল। সেই অনুষ্ঠানত কাৰ্যসূচীটোৰ ১২ বছৰ সম্পূৰ্ণ হোৱাৰ কথা উল্লেখ কৰি দেশৰ বিভিন্ন প্ৰান্তৰ সাধাৰণ লোকৰ অৱদান আৰু সমাজৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা হৈছিল। অনুষ্ঠানটোৰ ১৪০সংখ্যক খণ্ডতো প্ৰযুক্তি, চাইবাৰ সুৰক্ষা আৰু যুৱ সমাজৰ সামাজিক দায়িত্বই বিশেষ স্থান লাভ কৰে।