নতুন দিল্লী, ২৯ নৱেম্বৰ: সংসদৰ বিশেষ অধিৱেশন আৰম্ভ হোৱাৰ ঠিক পূৰ্বে দেওবাৰে বিজেপিৰ সংসদীয় দলৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্যসকলৰ সৈতে এক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সোমবাৰৰ পৰা আৰম্ভ হ'বলগীয়া এই বিশেষ অধিৱেশনক লৈ চৰকাৰী পক্ষৰ প্ৰস্তুতিৰ অংশ হিচাপে এই বৈঠকখন অনুষ্ঠিত হয়।

সামাজিক মাধ্যম ‘এক্স’ৰ এক বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৭, লোক কল্যাণ মাৰ্গত বিজেপিৰ সংসদীয় দলৰ কাৰ্যনিৰ্বাহক সমিতিৰ সৈতে এক ফলপ্ৰসূ বৈঠক সম্পন্ন হয় আৰু তাত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়।

উক্ত বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অমিত শ্বাহ, জে পি নাড্ডা, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ লগতে লোকসভা আৰু ৰাজ্যসভাৰ কেইবাগৰাকীও সাংসদ উপস্থিত থাকে।

প্ৰধানমন্ত্ৰীৰ বৈঠকৰ পাছতে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে বিভিন্ন ৰাজ্যৰ সাংসদসকলৰ সৈতে নৈশভোজৰ বৈঠকত মিলিত হয়। এই বৈঠকসমূহত আগন্তুক সাংবিধানিক সংশোধনী বিধেয়ক আৰু সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়ক সন্দৰ্ভত ভোটদানৰ প্ৰক্ৰিয়া সম্পৰ্কে সাংসদসকলক বুজাই দিয়া হয়। গজেন্দ্ৰ সিং শেখাৱত, ভূপেন্দ্ৰ যাদৱ, কিৰেন ৰিজিজু, মনোহৰ লাল খট্টৰ আৰু প্ৰহ্লাদ যোশীসহ কমেও ১০ গৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে সাংসদসকলৰ সৈতে এই বৈঠকত অংশ লয়।

সোমবাৰৰ পৰা ৩ ডিচেম্বৰলৈকে চলিবলগীয়া বিশেষ অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে তিনিখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰাৰ পৰিকল্পনা হাতত লৈছে। সেইকেইখন হৈছে সংবিধান (১৩২সংখ্যক সংশোধনী) বিধেয়ক, সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়ক আৰু কেন্দ্ৰীয়শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক।

এই বিধেয়কসমূহৰ জৰিয়তে লোকসভাৰ আসনৰ সংখ্যা ৫৪৩ৰ পৰা ৮১৬লৈ ৫০ শতাংশ বৃদ্ধি কৰা, ২০৫১ চনলৈকে ৰাজ্যসমূহৰ মাজত আসনৰ বিতৰণ স্থিৰ কৰি ৰখা আৰু ২০২৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পৰা বিধানমণ্ডলসমূহত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ পথ প্ৰশস্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই বিধেয়কসমূহক লৈ ৰাজনৈতিক তৎপৰতা বৃদ্ধি পোৱাৰ মাজতে চৰকাৰী পক্ষই সদনত প্ৰয়োজনীয় সমৰ্থন লাভ কৰি বিধেয়ককেইখন গৃহীত কৰাব পাৰিব বুলি আত্মবিশ্বাস ব্যক্ত কৰিছে।