চেন্নাই, ২৯ নৱেম্বৰ: প্ৰস্তাৱিত সমষ্টি পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে লোকসভাৰ আসনৰ সংখ্যা ৮৫০খনলৈ বৃদ্ধি পালে দেশৰ গণতন্ত্ৰ শেষ হৈ যাব বুলি সতৰ্কবাণী শুনাইছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। ডিএমকেৰ সভাপতি তথা তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ পিছত কংগ্ৰেছ নেতাগৰাকীয়ে এই মন্তব্য কৰে।

দেওবাৰে চেন্নাইত অনুষ্ঠিত উক্ত বৈঠকৰ অন্তত সাংবাদ মাধ্যমৰ আগত ৰাহুল গান্ধীয়ে জনায় যে মুখ্যমন্ত্ৰী ষ্টেলিনৰ সৈতে আলোচনা সৌহাৰ্দ্যপূৰ্ণ আছিল। বৈঠকত সমষ্টি পুনৰ্নিৰ্ধাৰণ সম্পৰ্কে কংগ্ৰেছ দলে নিজৰ স্থিতি স্পষ্টভাৱে দাঙি ধৰিছে।

ৰাহুল গান্ধীৰ মতে, লোকসভাৰ আসন ৮৫০খনলৈ বৃদ্ধি কৰি সেই সমষ্টিসমূহৰ গঠন নিজৰ ইচ্ছামতে নিৰ্ধাৰণ কৰাৰ সুযোগ বিজেপিক দিয়াটো দেশৰ নিৰ্বাচনী মানচিত্ৰ সলনি কৰাৰ এক প্ৰচেষ্টা। এনে পদক্ষেপ সমগ্ৰ দেশৰ লগতে বিশেষকৈ দক্ষিণ ভাৰত আৰু তামিলনাডুৰ বাবেও ক্ষতিকাৰক হ'ব পাৰে।

তামিলনাডুৰ স্বাৰ্থ ৰক্ষাৰ বাবে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনক আহ্বান জনোৱা বুলি উল্লেখ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ কৰে যে পূৰ্বে অসম আৰু জম্মু-কাশ্মীৰত এই প্ৰক্ৰিয়াৰ পৰীক্ষা চলোৱা হৈছিল। এতিয়া সমগ্ৰ দেশতে একে নীতি প্ৰয়োগ কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি তেওঁ কয়।

সমষ্টিৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰাৰ প্ৰক্ৰিয়া সন্দৰ্ভত বক্তব্য ৰাখি বিৰোধী দলপতিগৰাকীয়ে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে। অসম আৰু জম্মু-কাশ্মীৰৰ উদাহৰণ দি তেওঁ দাবী কৰে যে সমষ্টিৰ সীমা সলনি কৰি জনগোষ্ঠীসমূহক বিভক্ত কৰা আৰু বিৰোধীৰ কণ্ঠ দুৰ্বল কৰাৰ চেষ্টা চলোৱা হৈছিল।

আৰএছএছ আৰু বিজেপিক লক্ষ্য কৰি তেওঁ অভিযোগ কৰে যে তামিল ভাষা, সংস্কৃতি আৰু সভ্যতাৰ প্ৰতি আৰএছএছৰ বিৰূপ মনোভাব আছে।

বিজেপিয়ে এবাৰ ৮৫০খন আসনযুক্ত লোকসভাৰ পুনৰ্গঠন কৰিলে ভাৰতৰ গণতন্ত্ৰ শেষ হৈ যাব।

সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু বিৰোধী দলসমূহৰ মাজত মতানৈক্য অব্যাহত থকাৰ সময়তে ৰাহুল গান্ধীৰ এই মন্তব্যই ৰাজনৈতিক বিতৰ্ক অধিক তীব্ৰতৰ কৰি তুলিছে।