নতুন দিল্লী, ২৯ নৱেম্বৰ: সংসদৰ এক গুৰুত্বপূৰ্ণ অধিৱেশনৰ পূৰ্বে সংযুক্ত আৰৱ আমিৰশ্বাহীৰ এখন চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি হৈছে কেৰালাৰ কংগ্ৰেছ সাংসদ কে সুধাকৰণ। ৩০ নৱেম্বৰত লোকসভাত সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কখন পুনৰ উত্থাপন হোৱাৰ কথা থকাৰ সময়তে সাংসদগৰাকীৰ স্বাস্থ্য আৰু দিল্লীলৈ উভতি অহাক লৈ অনিশ্চয়তা দেখা দিছে।
চিকিৎসালয় কৰ্তৃপক্ষই পৰিয়ালৰ লোকক পিতৃৰ সৈতে সাক্ষাৎ কৰিবলৈ দিয়া নাই বুলি অভিযোগ কৰিছে সুধাকৰণৰ পুত্ৰ সঞ্জোগে। সঞ্জোগৰ ভাষ্য অনুসৰি, কে সুধাকৰণে প্ৰথমে চিকিৎসকৰ সাধাৰণ পৰামৰ্শ ল'বলৈহে চিকিৎসালয়লৈ গৈছিল। কিন্তু শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে চিকিৎসকে তেওঁক ৪৮ ঘণ্টা নিৰীক্ষণত ৰখাৰ কথা জনায়।
পুত্ৰ সঞ্জোগে সদৰী কৰা মতে, এদিন পূৰ্বে চিকিৎসকে সুধাকৰণৰ স্বাস্থ্যৰ উন্নতি হোৱা বুলি জনাইছিল আৰু দেওবাৰে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ কথা আছিল। কিন্তু দেওবাৰে পৰিয়ালৰ সদস্যক তেওঁৰ সৈতে দেখা কৰিবলৈ দিয়া নহ'ল। আনকি চিকিৎসকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰাৰ সময়ত কোনোবা এজন ‘বছ’ৰ ফোন অহা বুলিও তেওঁলোকে জানিব পাৰে। এই সমগ্ৰ ঘটনাৰ আঁৰত কোনো পক্ষৰ হস্তক্ষেপ বা ষড়যন্ত্ৰ থকা বুলি পুত্ৰই সন্দেহ প্ৰকাশ কৰিছে।
এই ঘটনাক লৈ কেৰালা প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ছানী জোছেফে উদ্বেগ প্ৰকাশ কৰিছে। পৰিয়ালক সাক্ষাৎ কৰিবলৈ নিদিয়াৰ বিষয়টো অত্যন্ত গুৰুতৰ বুলি উল্লেখ কৰি তেওঁ কয় যে এইক্ষেত্ৰত কেন্দ্ৰৰ বিজেপি চৰকাৰৰ হস্তক্ষেপ থকা বুলি পুত্ৰই অভিযোগ তুলিছে।
কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সংগঠন) কে চি বেণুগোপালে জনোৱা মতে, সংসদৰ অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ শুকুৰবাৰেই সুধাকৰণৰ পুত্ৰক দিল্লীলৈ উভতি আহিবলৈ কৈছিল। অধিৱেশনৰ পাছত সাংসদগৰাকীৰ যাৱতীয় চিকিৎসাৰ ব্যৱস্থা দলে কৰিব বুলিও তেওঁ পৰিয়ালক আশ্বাস দিছিল।
কে সুধাকৰণ কেৰালাৰ কান্নুৰ লোকসভা সমষ্টিৰ সাংসদ। ২০২১ চনৰ পৰা ২০২৪ চনলৈকে তেওঁ কেৰালা প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰ দায়িত্বতো আছিল।