গুৱাহাটী:

আছুৱে চান্দা লয়, আছুৱে চান্দা লোৱাতো লুকুৱাবলগীয়া কথা নহয়।ৰাজনৈতিক দলৰ চান্দা তৰমুজৰ নিচিনা,আমাৰ চান্দা বাদাম গুটি বা বাকলিহে মাথো।

সদৌ অসম ছাত্ৰ সন্থাই (আছু) চান্দা সংগ্ৰহ কৰে আৰু এই কথা লুকুৱাই ৰখাৰ কোনো প্ৰয়োজন নাই বুলি স্পষ্ট কৰি দিছে সংগঠনটোৰ সভাপতি উৎপল শৰ্মাই। সংগঠন পৰিচালনা আৰু ৰাজহুৱা কাম-কাজৰ বাবে দান-বৰঙণিৰ প্ৰয়োজন হয় বুলি তেওঁ মন্তব্য কৰে।

২৯ নৱেম্বৰত সাংবাদিকৰ আগত উৎপল শৰ্মাই কয় যে আছু এটা ৰাজহুৱা সংগঠন। সাংগঠনিক কাম-কাজ পৰিচালনা কৰাৰ লগতে বিভিন্ন ৰাজহুৱা কাম সম্পন্ন কৰিবলৈ পুঁজিৰ প্ৰয়োজন হয় আৰু এই পুঁজি দান-বৰঙণি তথা চান্দাৰ পৰাই সংগ্ৰহ কৰা হয়।

নহয়, আমিতো চান্দা লওঁৱেই। সেইটোত আকৌ মই লুকুৱাই পেলাই কি লাভ আছে?

ৰাজনৈতিক দল আৰু অৰাজনৈতিক সংগঠনৰ পুঁজি সংগ্ৰহৰ মাজত তুলনা কৰি আছুৰ সভাপতিগৰাকীয়ে কয় যে ৰাজনৈতিক দলসমূহে উদ্যোগপতি, পুঁজিপতি আৰু ব্যৱসায়িক গোষ্ঠীৰ পৰা সংগ্ৰহ কৰা ধনৰ পৰিমাণৰ তুলনাত জাতীয় সংগঠনসমূহৰ বৰঙণি তেনেই নগণ্য। ৰাজনৈতিক দলৰ চান্দা যদি ‘তৰমুজ’ৰ দৰে হয়, তেন্তে আছুৰ দৰে অৰাজনৈতিক সংগঠনৰ চান্দা ‘বাদাম গুটি’ৰ নিচিনা বুলি তেওঁ উল্লেখ কৰে।

বিত্তীয় স্বচ্ছতাৰ প্ৰসংগত উৎপল শৰ্মাই সংগঠনটোৰ সংবিধানৰ ব্যৱস্থাৰ কথা উল্লেখ কৰে। তেওঁ জনায় যে আছুৰ অধিৱেশন আৰু সাধাৰণ সভাত বিত্তীয় প্ৰতিবেদন দাখিল কৰিব লাগে। বিত্ত সম্পাদকৰ দায়িত্বত থকা ব্যক্তিয়ে দাখিল কৰা হিচাপ কেন্দ্ৰীয় সমিতিৰ বাহিৰৰ ব্যক্তিৰ দ্বাৰাও পৰীক্ষা কৰোৱা হয়।

ইয়াৰ পিছত কাৰ্যনিৰ্বাহক সমিতিত অনুমোদন লাভ কৰাৰ পাছত হাজাৰ হাজাৰ প্ৰতিনিধিৰ উপস্থিতিত সাধাৰণ সভাত প্ৰতিবেদনখন দাখিল কৰা হয়। প্ৰতিনিধিসকলে অনুমোদন জনোৱাৰ পিছতহে বিত্ত সম্পাদকগৰাকীৰ দায়িত্ব সম্পূৰ্ণ হয় বুলি জনায়।

চান্দা সংগ্ৰহক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ সন্দৰ্ভত আছুৰ সভাপতিগৰাকীয়ে কয় যে সংগঠনটো দান-বৰঙণিৰ জৰিয়তেই চলি আহিছে আৰু আগলৈও চলি থাকিব। আছুক লৈ কোনোবাই বিশেষভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো তেওঁলোকৰ নিজৰ বিষয় ।