যোৰহাটৰ নিৰ্বাচনী ফলাফল ইতিমধ্যে স্পষ্ট। বিজেপিৰ হিতেন্দ্ৰ নাথ গোস্বামীয়ে ২৩,১৮২টা ভোটৰ ব্যৱধানত কংগ্ৰেছৰ গৌৰৱ গগৈক পৰাস্ত কৰিলে। কিন্তু এই ফলাফলৰ আঁৰৰ কাহিনী কেৱল সামগ্ৰিক ভোটৰ সংখ্যা বা জয়-পৰাজয়ৰ ব্যৱধানত সীমাবদ্ধ নহয়। ভোটকেন্দ্ৰভিত্তিক তথ্যই দেখুৱাইছে, যোৰহাটৰ নিৰ্বাচনী ছবিখন কেনেকৈ সলনি হ’ল আৰু সেই পৰিৱৰ্তনৰ এটা গুৰুত্বপূৰ্ণ অংশ কোনবোৰ অঞ্চলত দেখা গ’ল।
এই বিশ্লেষণত ২০২৪ৰ লোকসভা নিৰ্বাচন আৰু ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ মাজত একে নম্বৰ আৰু একে নাম থকা ১১৮টা ভোটকেন্দ্ৰৰ তথ্য তুলনা কৰা হৈছে। এই ১১৮টা ভোটকেন্দ্ৰৰ ফলাফল তিনিটা ভাগত বিভক্ত হৈছে—
- ২০২৪ত কংগ্ৰেছ আগত, ২০২৬ত বিজেপি আগত: ৫৫টা ভোটকেন্দ্ৰ।
- দুয়োটা নিৰ্বাচনতে বিজেপি আগত: ৩৭টা ভোটকেন্দ্ৰ।
- দুয়োটা নিৰ্বাচনতে কংগ্ৰেছ আগত: ২৬টা ভোটকেন্দ্ৰ।
দুয়োটা নিৰ্বাচনতে বিজেপিয়েই এনডিএৰ একমাত্ৰ প্ৰাৰ্থী আছিল। আনহাতে, বিৰোধী মিত্ৰজোঁটৰ দলসমূহৰ ভিতৰত কংগ্ৰেছেই একমাত্ৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। যোৰহাটৰ দুয়োটা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকাত অগপ, ইউপিপিএল, বিপিএফ, এজেপি বা ৰাইজৰ দলৰ কোনো প্ৰাৰ্থীৰ নাছিল।
৫৫টা ভোটকেন্দ্ৰৰ হিচাপ: কিমান সলনি হ’ল ভোটৰ অংক?
২০২৪ৰ লোকসভা নিৰ্বাচনত এই ৫৫টা ভোটকেন্দ্ৰত গৌৰৱ গগৈয়ে লাভ কৰিছিল মুঠ ১৯,৭৪২টা ভোট। ২০২৬ৰ বিধানসভা নিৰ্বাচনত সেই সংখ্যা কমি হয় ১৪,২৫৩টা। অৰ্থাৎ, এই ৫৫টা ভোটকেন্দ্ৰতে গগৈৰ ভোট ৫,৪৮৯টা হ্ৰাস পালে। হ্ৰাসৰ হাৰ ২৭.৮ শতাংশ।
ইয়াৰ বিপৰীতে, এই একেটা ৫৫টা ভোটকেন্দ্ৰত বিজেপিৰ ভোট ২০২৪ৰ ১৩,৭৮৬ৰ পৰা ২০২৬ত বৃদ্ধি পাই ২০,৬৩২ হ’ল। অৰ্থাৎ, বিজেপিয়ে লাভ কৰিলে অতিৰিক্ত ৬,৮৪৬টা ভোট। বৃদ্ধিৰ হাৰ ৪৯.৭ শতাংশ।
ভোটৰ ব্যৱধানৰ ছবিখনো লক্ষণীয়। ২০২৪ত এই ৫৫টা ভোটকেন্দ্ৰত গৌৰৱ গগৈ মুঠ ৫,৯৫৬টা ভোটত আগবাঢ়ি আছিল। ২০২৬ত একেই ভোটকেন্দ্ৰসমূহত বিজেপি ৬,৩৭৯টা ভোটত আগবাঢ়িল। অৰ্থাৎ, দুয়োটা নিৰ্বাচনৰ মাজত ভোটৰ ব্যৱধানৰ হিচাপত ১২,৩৩৫টা ভোটৰ পৰিৱৰ্তন ঘটিল।
প্ৰাৰ্থীসকলে লাভ কৰা মুঠ ভোটৰ অংশ হিচাপ কৰিলেও পৰিৱৰ্তনটো স্পষ্ট হয়। NOTA-ৰ ভোট বাদ দি কৰা হিচাপত কংগ্ৰেছৰ ভোটৰ অংশ ২০২৪ৰ ৫৮.৫ শতাংশৰ পৰা ২০২৬ত ৪০.৫ শতাংশলৈ নামিল। আনহাতে, বিজেপিৰ ভোটৰ অংশ ৪০.৯ শতাংশৰ পৰা বৃদ্ধি পাই ৫৮.৬ শতাংশ হ’ল।
আন এটা উল্লেখযোগ্য তথ্য হ’ল, ৫৫টা ভোটকেন্দ্ৰৰ ভিতৰত ৫৪টাতে গৌৰৱ গগৈৰ ভোট কমিছে। ইয়াৰ একমাত্ৰ ব্যতিক্ৰম হৈছে PS 50, Muktab Adarsa LP School। এই কেন্দ্ৰটোত গগৈৰ ভোট ৩১৮ৰ পৰা ৩২২লৈ বৃদ্ধি পাইছে—অৰ্থাৎ ৪টা ভোট বেছি। একেটা কেন্দ্ৰতে বিজেপিৰ ভোট ১১৩টা বৃদ্ধি পাইছে। আনহাতে, বিজেপিৰ ভোট ৫৫টা কেন্দ্ৰৰ প্ৰতিটোতে বৃদ্ধি পাইছে।
সমগ্ৰ যোৰহাটৰ ফলাফলত এই ৫৫টা কেন্দ্ৰৰ প্ৰভাৱ কিমান?
কেৱল এই ৫৫টা ভোটকেন্দ্ৰতে নহয়, সমগ্ৰ যোৰহাট বিধানসভা সমষ্টিতে গৌৰৱ গগৈৰ মেচিনত গণনা কৰা ভোট ১৪,৯৭৬টা কমিছে। ২০২৪ৰ ৬০,৬৯৭টা ভোটৰ পৰা ২০২৬ত তেওঁৰ ভোটৰ সংখ্যা ৪৫,৭২১লৈ নামিছে। এই মুঠ হ্ৰাসৰ ভিতৰত ৫,৪৮৯টা ভোটৰ হ্ৰাস এই ৫৫টা কেন্দ্ৰৰ পৰা আহিছে। অৰ্থাৎ, সমগ্ৰ সমষ্টিত গগৈৰ ভোট হ্ৰাসৰ ৩৬.৭ শতাংশ এই ৫৫টা কেন্দ্ৰৰ সৈতে জড়িত।
একেদৰে, সমগ্ৰ সমষ্টিত ভোটৰ ব্যৱধানৰ হিচাপত হোৱা ৩৫,২০৬টা ভোটৰ পৰিৱৰ্তনৰ ভিতৰত ১২,৩৩৫টা ভোটৰ অংশ এই ৫৫টা কেন্দ্ৰৰ। অৰ্থাৎ, সামগ্ৰিক ব্যৱধানৰ পৰিৱৰ্তনৰ ৩৫.০ শতাংশ এই কেন্দ্ৰসমূহৰ সৈতে সম্পৰ্কিত।
আনহাতে, তুলনাৰ বাবে বাছনি কৰা ১১৮টা একে নম্বৰ আৰু একে নামৰ ভোটকেন্দ্ৰত গৌৰৱ গগৈৰ মুঠ ভোট ২০২৪ৰ ৩৮,৪০৮ৰ পৰা ২০২৬ত ২৯,৫৫৮লৈ হ্ৰাস পাইছে। অৰ্থাৎ, ৮,৮৫০টা ভোট কমিছে। এই হ্ৰাসৰ ৬২.০ শতাংশই আহিছে কংগ্ৰেছৰ পৰা বিজেপিলৈ ভোটৰ নেতৃত্ব সলনি হোৱা ৫৫টা কেন্দ্ৰৰ পৰা।
সৰ্বাধিক ভোট হেৰুওৱা কেন্দ্ৰসমূহৰ কাহিনী
৫৫টা কেন্দ্ৰৰ ভিতৰত গৌৰৱ গগৈৰ সৰ্বাধিক ভোট হ্ৰাস পাইছে PS 52, Devi Charan Baruah Girls High School (West Part)-ত। ২০২৪ত এই কেন্দ্ৰত গগৈয়ে লাভ কৰিছিল ৪৮৭টা ভোট। ২০২৬ত সেই সংখ্যা কমি ২৫৩ হ’ল। অৰ্থাৎ, ২৩৪টা ভোট হ্ৰাস পালে। আনহাতে, বিজেপিৰ ভোট ২৬২ৰ পৰা সামান্য বৃদ্ধি পাই ২৬৬ হ’ল। ২০২৪ত গৌৰৱ গগৈ ২২৫টা ভোটত আগবাঢ়ি থকা এই কেন্দ্ৰটোত ২০২৬ত বিজেপি ১৩টা ভোটত আগবাঢ়িল।
PS 120, Garmur 260 No Dulia LP School-তো গৌৰৱ গগৈৰ ভোট ৫২২ৰ পৰা ৩২৪লৈ নামিল। অৰ্থাৎ, ১৯৮টা ভোট হ্ৰাস পালে। ইয়াৰ বিপৰীতে বিজেপিৰ ভোট ৪৭৪ৰ পৰা বৃদ্ধি পাই ৫৭৫ হ’ল।
PS 95, Kalyani High School (North Part)-ত গগৈৰ ভোট ৪৮১ৰ পৰা ২৮৬লৈ হ্ৰাস পালে—১৯৫টা ভোট কমিল। একেটা কেন্দ্ৰতে বিজেপিৰ ভোট ৩৯০ৰ পৰা বৃদ্ধি পাই ৫৭৫ হ’ল।
২০২৪ত গৌৰৱ গগৈৰ সৰ্বাধিক ভোটৰ ব্যৱধান থকা দুটা কেন্দ্ৰ আছিল PS 122 আৰু PS 52। এই দুটা কেন্দ্ৰত তেওঁ ক্ৰমে ২৮০ আৰু ২২৫টা ভোটত আগবাঢ়ি আছিল। ২০২৬ত সেই দুয়োটা কেন্দ্ৰতে বিজেপি ক্ৰমে ৫ আৰু ১৩টা ভোটত আগবাঢ়িল।
কোনবোৰ কেন্দ্ৰত ব্যৱধান অতি কম, আৰু কোনবোৰত বিজেপিৰ বৃহৎ অগ্ৰগতি?
এই ৫৫টা কেন্দ্ৰৰ ভিতৰত সাতটা কেন্দ্ৰত বিজেপিৰ ভোটৰ ব্যৱধান ২৫টাতকৈ কম। সেই কেন্দ্ৰকেইটা হৈছে—PS 26-ত ১টা ভোট (গৌৰৱ গগৈ ২৩৬, বিজেপি ২৩৭), PS 90-ত ২টা ভোট, PS 122-ত ৫টা ভোট, PS 50-ত ১১টা ভোট, PS 52-ত ১৩টা ভোট, PS 27-ত ১৪টা ভোট আৰু PS 108-ত ২৩টা ভোট।
আনটো মূৰত, সাতটা কেন্দ্ৰত বিজেপিৰ ভোটৰ ব্যৱধান ২০০ বা তাতকৈ অধিক। সেই কেন্দ্ৰকেইটা হৈছে PS 95, 88, 120, 109, 98, 101 আৰু 123। মুঠ ৫৫টা কেন্দ্ৰৰ ভিতৰত ৩২টাতে বিজেপি ১০০ বা তাতকৈ অধিক ভোটত আগবাঢ়ি আছে। ২০২৪ত এই একেই ৫৫টা কেন্দ্ৰৰ ভিতৰত ২৮টাত গৌৰৱ গগৈ ১০০ বা তাতকৈ অধিক ভোটত আগবাঢ়ি আছিল।
কাষে কাষে থকা ভোটকেন্দ্ৰসমূহতো একেই পৰিৱৰ্তনৰ ছবি
এই ৫৫টা কেন্দ্ৰৰ পৰিৱৰ্তন সমষ্টিটোৰ বিভিন্ন প্ৰান্তত সমানে সিঁচৰতি হৈ থকা নাই। একেৰাহে থকা ভোটকেন্দ্ৰৰ নম্বৰৰ পাঁচটা গোটত মুঠ ২৯টা কেন্দ্ৰ অন্তৰ্ভুক্ত হৈছে। প্ৰতিটো গোটৰ প্ৰতিটো কেন্দ্ৰতে ২০২৪ৰ তুলনাত ২০২৬ত ভোটৰ নেতৃত্ব সলনি হৈছে। সেই পাঁচটা গোট হ’ল—PS 52–55 (৪টা কেন্দ্ৰ), PS 58–64 (৭টা), PS 87–92 (৬টা), PS 100–106 (৭টা) আৰু PS 120–124 (৫টা)।
আৰু অধিক মন কৰিবলগীয়া দিশটো হ’ল, সাতটা বিদ্যালয় ভৱনৰ ভিতৰত তুলনাযোগ্য প্ৰতিটো ভোটকক্ষতে ২০২৪ত কংগ্ৰেছৰ নেতৃত্ব আছিল, কিন্তু ২০২৬ত বিজেপি আগবাঢ়িল। সেই বিদ্যালয়সমূহ হৈছে—Dhenususha High School (PS 88–90), Jorhat Engineering Collegiate LP School (PS 121–123), 8 No. Kolakhowa LP School (PS 101–102), Darangichuk LP School (PS 61–62), Gyanjyoti LP School (PS 22–23), Macharhat LP School (PS 75–76) আৰু North-West Jorhat Unnayan Kendra (PS 63–64)।
Brikudar Saikia Parbatia High School-তো একেধৰণৰ পৰিৱৰ্তন দেখা গৈছে। এই বিদ্যালয়ৰ তুলনাযোগ্য চাৰিটা ভোটকক্ষৰ ভিতৰত তিনিটাত—PS 3, 5 আৰু 6-ত—২০২৪ত কংগ্ৰেছ আগবাঢ়ি আছিল যদিও ২০২৬ত বিজেপি আগবাঢ়িল।
যিবোৰ কেন্দ্ৰত নেতৃত্ব সলনি নহ’ল, তাতো গগৈৰ ভোট কমিল
গৌৰৱ গগৈৰ ভোট হ্ৰাস কেৱল এই ৫৫টা কেন্দ্ৰতে সীমাবদ্ধ নাছিল। যিবোৰ কেন্দ্ৰত ২০২৪ আৰু ২০২৬ দুয়োটা নিৰ্বাচনতে একেটা দল আগবাঢ়ি আছিল, সেই কেন্দ্ৰসমূহতো গগৈৰ ভোট কমিছে।
২০২৪ আৰু ২০২৬ দুয়োটা নিৰ্বাচনতে বিজেপি আগবাঢ়ি থকা ৩৭টা কেন্দ্ৰত গগৈৰ ভোট ৮,১০৪ৰ পৰা ৬,১৩৭লৈ হ্ৰাস পাইছে। অৰ্থাৎ, ১,৯৬৭টা ভোট কমিছে। এই একেই ৩৭টা কেন্দ্ৰত বিজেপিৰ ভোট ১৩,৮২৫ৰ পৰা বৃদ্ধি পাই ১৬,৫৬৯ হৈছে।
আনহাতে, দুয়োটা নিৰ্বাচনতে কংগ্ৰেছ আগবাঢ়ি থকা ২৬টা কেন্দ্ৰত গগৈৰ ভোট ১০,৫৬২ৰ পৰা ৯,১৬৮লৈ হ্ৰাস পাইছে। অৰ্থাৎ, ১,৩৯৪টা ভোট কমিছে। এই ২৬টা কেন্দ্ৰত বিজেপিৰ ভোটো বৃদ্ধি পাইছে—৪,৭১০ৰ পৰা ৬,৫১৬লৈ।
সকলো ৫৫টা ভোটকেন্দ্ৰৰ সম্পূৰ্ণ তথ্য
তলৰ তালিকাত “Gogoi +111” বুলি উল্লেখ থাকিলে তাৰ অৰ্থ সেই কেন্দ্ৰত গৌৰৱ গগৈ ১১১টা ভোটত আগবাঢ়ি আছিল। একেদৰে, “BJP +99”ৰ অৰ্থ বিজেপি ৯৯টা ভোটত আগবাঢ়ি আছিল। ভোটকেন্দ্ৰসমূহৰ তালিকা PS নম্বৰ অনুসৰি সজোৱা হৈছে। ভোটকেন্দ্ৰৰ নামসমূহ মূল তথ্যত থকা ধৰণেই ৰখা হৈছে।
| PS | ভোটকেন্দ্ৰ | গগৈ ২০২৪ | গগৈ ২০২৬ | পৰিৱৰ্তন | বিজেপি ২০২৪ | বিজেপি ২০২৬ | ২০২৪ৰ অগ্ৰগতি | ২০২৬ৰ অগ্ৰগতি |
|---|---|---|---|---|---|---|---|---|
| 1 | 439 No Dhapkota LP School (Right Part) | 316 | 212 | −104 | 205 | 311 | Gogoi +111 | BJP +99 |
| 3 | Brikudar Saikia Parbatia High School (Right Part) | 386 | 251 | −135 | 275 | 445 | Gogoi +111 | BJP +194 |
| 5 | Brikudar Saikia Parbatia High School (Left Part) | 419 | 292 | −127 | 289 | 458 | Gogoi +130 | BJP +166 |
| 6 | Brikudar Saikia Parbatia High School (South Part) | 310 | 243 | −67 | 236 | 340 | Gogoi +74 | BJP +97 |
| 8 | 134 No Nowsalia LP School (West Part) | 373 | 289 | −84 | 316 | 461 | Gogoi +57 | BJP +172 |
| 10 | 127 No Athubhonga LP School | 348 | 238 | −110 | 215 | 354 | Gogoi +133 | BJP +116 |
| 22 | Gyanjyoti LP School (East Part) | 486 | 371 | −115 | 270 | 408 | Gogoi +216 | BJP +37 |
| 23 | Gyanjyoti LP School (South Part) | 330 | 208 | −122 | 232 | 362 | Gogoi +98 | BJP +154 |
| 26 | Gitarthi Girls High School (Left Part) | 324 | 236 | −88 | 164 | 237 | Gogoi +160 | BJP +1 |
| 27 | Gitarthi Girls High School (West Part) | 281 | 201 | −80 | 167 | 215 | Gogoi +114 | BJP +14 |
| 30 | Jorhat Blind Institution | 296 | 199 | −97 | 219 | 319 | Gogoi +77 | BJP +120 |
| 34 | H.R.H. The Prince of Wales Institute of Engineering & Technology (Part B) | 291 | 264 | −27 | 248 | 293 | Gogoi +43 | BJP +29 |
| 37 | Jorhat College (North Part) | 315 | 233 | −82 | 208 | 306 | Gogoi +107 | BJP +73 |
| 50 | Muktab Adarsa LP School | 318 | 322 | +4 | 220 | 333 | Gogoi +98 | BJP +11 |
| 52 | Devi Charan Baruah Girls High School (West Part) | 487 | 253 | −234 | 262 | 266 | Gogoi +225 | BJP +13 |
| 53 | Devi Charan Bauah Girls College (East Part) | 266 | 203 | −63 | 199 | 268 | Gogoi +67 | BJP +65 |
| 54 | Devi Charan Baruah Girls College (West Part) | 241 | 166 | −75 | 195 | 283 | Gogoi +46 | BJP +117 |
| 55 | 4 No Ward LP School (Left Part) | 413 | 324 | −89 | 242 | 371 | Gogoi +171 | BJP +47 |
| 58 | Polytechnic High School (Part-B) | 344 | 250 | −94 | 185 | 313 | Gogoi +159 | BJP +63 |
| 59 | Polytechnic High School (Part-D) | 318 | 209 | −109 | 193 | 288 | Gogoi +125 | BJP +79 |
| 60 | Politechnic High School (Part-C) | 387 | 268 | −119 | 227 | 358 | Gogoi +160 | BJP +90 |
| 61 | Darangichuk LP School (Left Part) | 318 | 209 | −109 | 229 | 341 | Gogoi +89 | BJP +132 |
| 62 | Darangichuk LP School (Right Part) | 419 | 304 | −115 | 305 | 457 | Gogoi +114 | BJP +153 |
| 63 | North-West Jorhat Unnayan Kendra (Left Part) | 295 | 203 | −92 | 166 | 270 | Gogoi +129 | BJP +67 |
| 64 | North-West Jorhat Unnayan Kendra (Right Part) | 413 | 271 | −142 | 265 | 392 | Gogoi +148 | BJP +121 |
| 75 | Macharhat LP School (Left Part) | 461 | 331 | −130 | 273 | 431 | Gogoi +188 | BJP +100 |
| 76 | Macharhat LP School (Right Part) | 249 | 160 | −89 | 159 | 254 | Gogoi +90 | BJP +94 |
| 78 | Gopal Chandra LP School (Left Part) | 417 | 282 | −135 | 238 | 421 | Gogoi +179 | BJP +139 |
| 82 | Kochariparia LP School | 343 | 332 | −11 | 335 | 435 | Gogoi +8 | BJP +103 |
| 87 | 86 No. Dhenususha LP School (Left Part) | 254 | 181 | −73 | 248 | 338 | Gogoi +6 | BJP +157 |
| 88 | Dhenususha High School (Left Part) | 379 | 222 | −157 | 317 | 499 | Gogoi +62 | BJP +277 |
| 89 | Dhenususha High School (Right Part) | 400 | 311 | −89 | 323 | 438 | Gogoi +77 | BJP +127 |
| 90 | Dhenususha High School (Middle Part) | 316 | 261 | −55 | 185 | 263 | Gogoi +131 | BJP +2 |
| 91 | 83 No. Nakari Adarsha LP School (Right Part) | 360 | 258 | −102 | 226 | 390 | Gogoi +134 | BJP +132 |
| 92 | 83 No. Nakari Adarsha .P School (Left Part) | 463 | 379 | −84 | 426 | 562 | Gogoi +37 | BJP +183 |
| 94 | Mahatma Gandhi College | 426 | 306 | −120 | 215 | 332 | Gogoi +211 | BJP +26 |
| 95 | Kalyani High School (North Part) | 481 | 286 | −195 | 390 | 575 | Gogoi +91 | BJP +289 |
| 98 | Nowboisa Girls LP School (Left Part) | 295 | 160 | −135 | 263 | 407 | Gogoi +32 | BJP +247 |
| 100 | Dishoi Nagar ME School (Left Part) | 240 | 164 | −76 | 207 | 319 | Gogoi +33 | BJP +155 |
| 101 | 8 No. Kolakhowa LP School (East Part) | 383 | 261 | −122 | 284 | 479 | Gogoi +99 | BJP +218 |
| 102 | 8 No. Kolakhowa LP School (West Part) | 326 | 237 | −89 | 152 | 303 | Gogoi +174 | BJP +66 |
| 103 | 154 No. Sankardev LP School (Left Part) | 221 | 137 | −84 | 161 | 261 | Gogoi +60 | BJP +124 |
| 104 | 154 No. Sankar Dev LP School (Right Part) | 267 | 166 | −101 | 224 | 361 | Gogoi +43 | BJP +195 |
| 105 | Kenduguri Konwari Pukhuri LP School (Left Part) | 364 | 261 | −103 | 249 | 379 | Gogoi +115 | BJP +118 |
| 106 | Kenduguri Konwari Pukhuri L.P. School (Right Part) | 179 | 116 | −63 | 131 | 181 | Gogoi +48 | BJP +65 |
| 108 | Gohain Tekela LP School (South Part) | 438 | 352 | −86 | 275 | 375 | Gogoi +163 | BJP +23 |
| 109 | Aggragami Shanskritik Anusthan | 368 | 243 | −125 | 328 | 494 | Gogoi +40 | BJP +251 |
| 114 | JK Saikia Homeopathic College (Right Part) | 390 | 320 | −70 | 218 | 361 | Gogoi +172 | BJP +41 |
| 120 | Garmur 260 No Dulia LP School | 522 | 324 | −198 | 474 | 575 | Gogoi +48 | BJP +251 |
| 121 | Jorhat Engineering Collegiate LP School (Right Part) | 498 | 380 | −118 | 304 | 495 | Gogoi +194 | BJP +115 |
| 122 | Jorhat Engineering Collegiate LP School (Left Part) | 483 | 369 | −114 | 203 | 374 | Gogoi +280 | BJP +5 |
| 123 | Jorhat Engineering Collegiate LP School (West Part) | 332 | 307 | −25 | 308 | 521 | Gogoi +24 | BJP +214 |
| 124 | Garmur Gitarthi LP School (North Part) | 403 | 315 | −88 | 311 | 455 | Gogoi +92 | BJP +140 |
| 128 | 83 No Garmur Kumar Gaon LP School (Left Part) | 348 | 279 | −69 | 308 | 388 | Gogoi +40 | BJP +109 |
| 131 | Jorhat Garmur High School (Right Part) | 442 | 334 | −108 | 319 | 517 | Gogoi +123 | BJP +183 |
| মুঠ ৫৫টা ভোটকেন্দ্ৰ | 19,742 | 14,253 | −5,489 | 13,786 | 20,632 | Gogoi +5,956 | BJP +6,379 |
এই তথ্যই বা কি কয়?
তুলনাযোগ্য ১১৮টা ভোটকেন্দ্ৰৰ ভিতৰত ৫৫টাত ২০২৪ৰ গৌৰৱ গগৈৰ নেতৃত্ব ২০২৬ত বিজেপিৰ হাতলৈ গৈছে। এই ৫৫টা কেন্দ্ৰত গগৈৰ ভোট ৫,৪৮৯টা কমিছে। এই হ্ৰাস কিছুমান একেৰাহে থকা ভোটকেন্দ্ৰৰ নম্বৰ আৰু একেটা বিদ্যালয় ভৱনৰ একাধিক ভোটকক্ষত দেখা গৈছে। নেতৃত্ব সলনি নোহোৱা আন ৬৩টা তুলনাযোগ্য কেন্দ্ৰতো গগৈৰ ভোট কমিছে, যদিও সেই হ্ৰাসৰ পৰিমাণ তুলনামূলকভাৱে কম।
এই পৰিসংখ্যাই দুটা পৃথক নিৰ্বাচনৰ ফলাফলৰ তুলনা কৰিছে—এটা লোকসভা নিৰ্বাচন আৰু আনটো বিধানসভা নিৰ্বাচন। ইয়াৰ জৰিয়তে কোনবোৰ ভোটকেন্দ্ৰত গগৈৰ ভোট কমিছে আৰু কোনবোৰত বিজেপিৰ ভোট বৃদ্ধি পাইছে, সেয়া দেখা যায়। কিন্তু কোনো ভোটাৰে কিয় নিজৰ পছন্দ সলনি কৰিলে, সেই কাৰণ এই সংখ্যাই নিজে নিজে ব্যাখ্যা নকৰে।
২০২৬ত কিছুমান ভোটকেন্দ্ৰৰ নম্বৰ বা নাম সলনি হোৱাৰ বাবে ২০২৪ৰ সৈতে সেইবোৰৰ পোনপটীয়া তুলনা সম্ভৱ নহয়। সেয়েহে এই বিশ্লেষণত কেৱল দুয়োটা নিৰ্বাচনতে একে নম্বৰ আৰু একে নাম থকা ১১৮টা ভোটকেন্দ্ৰহে অন্তৰ্ভুক্ত কৰা হৈছে। এইটো অতীতৰ নিৰ্বাচনী ফলাফলৰ বিশ্লেষণ; ইয়াৰ ভিত্তিত কোনো ভৱিষ্যৎ নিৰ্বাচনৰ ফলাফলৰ পূৰ্বানুমান কৰা হোৱা নাই।
এক নজৰত মূল পৰিসংখ্যা
- ৫,৪৮৯ — ৫৫টা কেন্দ্ৰত গৌৰৱ গগৈৰ ভোট হ্ৰাস (১৯,৭৪২ৰ পৰা ১৪,২৫৩লৈ)
- ৬,৮৪৬ — একে ৫৫টা কেন্দ্ৰত বিজেপিৰ ভোট বৃদ্ধি (১৩,৭৮৬ৰ পৰা ২০,৬৩২লৈ)
- ৫৫টাৰ ভিতৰত ৫৪টা — য’ত গৌৰৱ গগৈৰ ভোট কমিছে
তথ্যৰ টোকা: দুয়োটা বছৰৰ ভোটকেন্দ্ৰভিত্তিক সংখ্যা মেচিনত গণনা কৰা (EVM) ভোটৰ ওপৰত আধাৰিত। ২০২৪ৰ বিধানসভা সমষ্টিভিত্তিক হিচাপত ডাকযোগে দিয়া ভোট অন্তৰ্ভুক্ত কৰা হোৱা নাই, কাৰণ সেই ভোট বিধানসভা সমষ্টিৰ ভোটকেন্দ্ৰ অনুসৰি ভাগ কৰা নহয়। ২০২৬ৰ ডাকযোগে দিয়া ভোটো একেদৰে ভোটকেন্দ্ৰ অনুসৰি ভাগ কৰা হোৱা নাই। তুলনাৰ বাবে কেৱল দুয়োটা নিৰ্বাচনতে একে নম্বৰ আৰু একে নাম থকা ভোটকেন্দ্ৰসমূহ (১১৮টা) ব্যৱহাৰ কৰা হৈছে। ভোটৰ শতকৰা হাৰৰ হিচাপত NOTA অন্তৰ্ভুক্ত কৰা হোৱা নাই।
উৎস: ভাৰতৰ নিৰ্বাচন আয়োগ (Election Commission of India) · নিৰ্বাচনী তথ্য: newznow.in/elections/assam-2026/jorhat · newznow.in/elections/assam-2024-ls/jorhat