মৰিগাঁও, ২৯ নৱেম্বৰঃ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ পৰা সন্ধানহীন হৈছে এগৰাকী ১১ বছৰীয়া শিশু। শনিবাৰে নিশাৰ পৰা সন্ধানহীন হৈ আছে মৈৰাবাৰীৰ ৬নং ৱাৰ্ডৰ বাসিন্দা জছুম উদ্দিনৰ পুত্ৰ শ্বাকিবুৰ ৰহমান।
পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, শনিবাৰে নিশা শিশুগৰাকী ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা তেওঁৰ কোনো সন্ধান লাভ কৰা নাই। পৰিয়ালৰ লোকে মৈৰাবাৰী অঞ্চলৰ বিভিন্ন স্থানৰ লগতে আত্মীয়-স্বজনৰ ঘৰতো বিচাৰ-খোচাৰ কৰিছে। কিন্তু এতিয়ালৈকে শিশুগৰাকীৰ কোনো সম্ভেদ পোৱা নাই।
১১ বছৰীয়া শিশুগৰাকীৰ সন্ধান নাপাই উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লোক। সেয়ে কোনো সদাশয় ব্যক্তিয়ে শ্বাকিবুৰ ৰহমানক ক’ৰবাত দেখা পালে অথবা তেওঁৰ অৱস্থান সম্পৰ্কে কোনো তথ্য লাভ কৰিলে পৰিয়ালক অৱগত কৰিবলৈ অনুৰোধ জনাইছে।
যোগাযোগৰ নম্বৰ: ৯৮৬৪৪৪৫২৪৭
এটা সৰু তথ্যই শিশুগৰাকীৰ সন্ধান উলিওৱাত সহায় কৰিব পাৰে। সেয়ে কোনো নিৰ্ভৰযোগ্য তথ্য লাভ কৰিলে পলম নকৰি উল্লিখিত নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে ৰাইজক কাতৰ আহ্বান জনাইছে।