ধেমাজি, ২৯ নৱেম্বৰ: মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। দেওবাৰে অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে শনিবাৰে পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন জিলাত বেলট বাকচ আৰু যাৱতীয় নিৰ্বাচনী নথি-পত্ৰসহ বিষয়া-কৰ্মচাৰীসকল ভোটকেন্দ্ৰলৈ ৰাওনা হয়।

জোনাই, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়াকে ধৰি ৰাজ্যৰ ১১খন জিলাত এই নিৰ্বাচন অনুষ্ঠিত হ'ব। ধেমাজি জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালকৰ কাৰ্যালয় চৌহদৰ পৰা প্ৰিজাইডিং আৰু পোলিং বিষয়াসকলে নিৰ্বাচনী সামগ্ৰী লৈ ভোটকেন্দ্ৰসমূহলৈ যাত্ৰা কৰে।

ধেমাজি জিলাত নিৰ্বাচন পৰিচালনাৰ বাবে মুঠ ২,০০০ বিষয়া-কৰ্মচাৰী নিয়োগ কৰা হৈছে। প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত প্ৰিজাইডিং আৰু পোলিং বিষয়াসহ চাৰিগৰাকীকৈ বিষয়া-কৰ্মচাৰীৰ লগতে দুগৰাকীকৈ আৰক্ষী জোৱান মোতায়েন কৰা হৈছে। জিলাখনত মিচিং স্বায়ত্তশাসিত পৰিষদৰ বাবে ৩২৬টা আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ বাবে ২৭টা ভোটগ্ৰহণ কেন্দ্ৰ নিৰ্ধাৰণ কৰা হৈছে।

ধেমাজিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুঠ ১৭টা সমষ্টিৰ ভিতৰত ৩নং গালী-বিজয়পুৰ আৰু ৫নং অয়াং-জোনাই সমষ্টিত দুগৰাকী প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। ফলত জিলাখনৰ বাকী ১৫টা সমষ্টিত ৫৫গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আনহাতে, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ তিনিটা সমষ্টিৰ বাবে ১১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ধেমাজিত মিচিং পৰিষদৰ অধীনত মুঠ ভোটাৰৰ সংখ্যা ২,১১,১৪৩গৰাকী। ইয়াৰে ১,০৪,৪২৩গৰাকী পুৰুষ আৰু ১,০৬,৭২০গৰাকী মহিলা ভোটাৰ।

মাজুলী জিলাতো নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। জিলাখনৰ মুঠ ১০৪টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে ৫০৮গৰাকী পোলিং বিষয়া, ১২৭গৰাকী প্ৰিজাইডিং বিষয়া আৰু ২০গৰাকী ছেক্টৰ বিষয়া নিয়োগ কৰা হৈছে। ইয়াৰ ভিতৰত ৭২গৰাকী মহিলা পোলিং বিষয়া আৰু ১৮গৰাকী মহিলা প্ৰিজাইডিং বিষয়া আছে। মাজুলীৰ ২৩নং লোহিত, ৩০নং চাংগা, ৩১নং ফুলনি-জকাইবোৱা আৰু ৩২নং ৰিক্কং-মাজুলী সমষ্টিত মুঠ ৭৩,২৬২গৰাকী ভোটাৰ আছে। ইয়াৰে ৩৬,৬৭০গৰাকী পুৰুষ আৰু ৩৬,৫৯২গৰাকী মহিলা।

ইপিনে, যোৰহাট জিলাত মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৩৩নং যোৰহাট আৰু ৩৮নং জাজী সমষ্টিৰ বাবে মুঠ ৫৩টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে ৭টা কেন্দ্ৰ স্পৰ্শকাতৰ বুলি চিহ্নিত কৰা হৈছে। এই সমষ্টি দুটাত ৮গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব প্ৰায় ২৫ হাজাৰ ভোটাৰে। জিলাখনৰ নিৰ্বাচনী বিষয়া-কৰ্মচাৰী আৰু আৰক্ষী জোৱানসকলে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা বেলট বাকচ লৈ নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হয়।