ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানত অসমৰ ১,০০০ শিল্পীয়ে নতুন দিল্লীত তেওঁৰ কালজয়ী গীত পৰিৱেশন কৰিব। ২৯ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত শিল্পীসকলে ‘মানুহে মানুহৰ বাবে’ আৰু ‘We Are in the Same Boat Brother’ শীৰ্ষক গীত দুটা সমূহীয়াভাৱে পৰিৱেশন কৰিব।
এই অনুষ্ঠানক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভূপেন হাজৰিকাৰ অৱদান আৰু মানৱতাবাদী দৰ্শন প্ৰচাৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আদৰণি জনাইছে অসম বিজেপিয়ে। শুকুৰবাৰে প্ৰকাশ কৰা এক বিবৃতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰক এই উদ্যোগৰ বাবে অভিনন্দন জনায় দলটোৱে।
বিজেপিৰ বিবৃতি অনুসৰি, অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতি আশা কৰা হৈছে। তেওঁ বিশিষ্ট কণ্ঠশিল্পী ঊষা মংগেশকাৰক প্ৰথমবাৰৰ বাবে প্ৰদান কৰিবলগীয়া ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব বুলি দলটোৱে উল্লেখ কৰিছে।
ইয়াৰ উপৰি অসমৰ ১,০০০ শিক্ষাৰ্থীক বিশেষ ৰে’লযোগে নতুন দিল্লীলৈ নিয়াৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। এই পদক্ষেপে শিক্ষাৰ্থীসকলক ভূপেন হাজৰিকাৰ জীৱন, সংগীতৰ যাত্ৰা আৰু মানৱতাবাদী দৰ্শনৰ বিষয়ে জানিবলৈ সুযোগ দিব বুলি বিজেপিয়ে প্ৰকাশ কৰিছে।
অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট সংগীত শিল্পীৰ লগতে অসমৰ শিল্পীসকলেও অংশগ্ৰহণ কৰিব। জনসাধাৰণৰ বাবে বিনামূলীয়া ই-আমন্ত্ৰণ লাভৰ সুবিধা থকা এটা অনলাইন পৰ্টেলো মুকলি কৰা হৈছে।