হাইলাকান্দি: কৃষক পঞ্জীয়নত চৰম গাফিলতিৰ অভিযোগত এইবাৰ নিলম্বিত হ'ল হাইলাকান্দিৰ জিলা কৃষি বিষয়া মনোজ কুমাৰ বৈশ্য। অসম চৰকাৰৰ কৃষি বিভাগে ৩০ অক্টোবৰত জাৰি কৰা নিৰ্দেশনাযোগে তাৎক্ষণিকভাৱে নিলম্বনৰ নিৰ্দেশ দিছে বিষয়াগৰাকীক।
উল্লেখ্য, বৃহস্পতিবাৰে কৃষি মন্ত্ৰী পীযূষ হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত জিলাখনত কৃষক পঞ্জীয়নৰ অগ্ৰগতি অতি হতাশাজনক বুলি প্ৰকাশ পাইছিল। অধীনস্থ বিষয়াসকলৰ তদাৰক আৰু ক্ষেত্ৰ পৰ্যায়ৰ কাম-কাজ পৰিচালনাত ব্যৰ্থ হোৱাৰ অভিযোগো উত্থাপন হৈছিল জিলা কৃষি বিষয়াগৰাকীৰ বিৰুদ্ধে।
ইয়াৰ পূৰ্বে পাঁচগৰাকী কৃষি উন্নয়ন বিষয়াৰ বিৰুদ্ধেও বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। বিভাগীয় তদন্তৰ বাবে মনোজ কুমাৰ বৈশ্যক নিলম্বন কৰা হৈছে। নিলম্বনকালত তেওঁৰ সদৰ কাৰ্যালয় শিলচৰৰ যুটীয়া কৃষি সঞ্চালকৰ কাৰ্যালয়ত নিৰ্ধাৰণ কৰা হৈছে।