গুৱাহাটী, ৮ নৱেম্বৰঃ চিকিৎসালয়ৰ নিয়ম আৰু চিকিৎসকৰ নিৰ্দেশ অমান্য কৰিলে চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ চিকিৎসা বন্ধ হ’ব পাৰে বুলি সকীয়নি দিছে অসমৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে। দেওবাৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰি ৰোগীৰ সৈতে অহা অভিভাৱকসকলক চিকিৎসালয়ৰ নীতি-নিয়ম মানি চলিবলৈ কঠোৰ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে।
পৰিদৰ্শনৰ সময়ত চিকিৎসালয়ৰ ভিতৰত ৰোগীৰ চাৰিওফালে অত্যধিক ভিৰ কৰা, নৱজাতকক চুমা খোৱা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ নিয়ম মানি নোলোৱাকৈ আই চি ইউ তথা অস্ত্ৰোপচাৰ কক্ষত প্ৰৱেশ কৰাৰ দৰে কেইবাটাও বিষয় মন্ত্ৰীগৰাকীৰ দৃষ্টিগোচৰ হয়।
এইধৰণৰ আচৰণে ৰোগীৰ সংক্ৰমণৰ আশংকা বৃদ্ধি কৰাৰ লগতে সংকটাপন্ন ৰোগীৰ জীৱনলৈ বিপদ মাতিব পাৰে বুলি মন্তব্য কৰে অশোক সিংঘালে। চিকিৎসকৰ নিৰ্দেশ মানি চলা আৰু চিকিৎসালয়ৰ চৌহদত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে অভিভাৱকসকলক নিৰ্দেশ দিয়ে তেওঁ।
ইফালে, চিকিৎসালয়খনত এক্স-ৰে সেৱাত হোৱা পলমৰ বিষয়টোও মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শনৰ সময়ত উত্থাপন কৰে। পিছদিনাৰ পৰাই এই সমস্যাৰ সমাধানৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।
পৰিদৰ্শনৰ সময়ত কেইবাটাও বিভাগৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু আন্তঃগাঁথনিৰ অৱস্থাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। ভঙা কাঁচৰ পেনেল, অপৰ্যাপ্ত ৰক্ষণাবেক্ষণ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱৰ বিষয়েও তেওঁ উদ্বেগ প্ৰকাশ কৰে।
চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু অধীক্ষকক বিভাগ অনুসৰি মেৰামতিৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীয়ে। বিশেষকৈ স্ত্ৰীৰোগ, শিশু ৰোগ আৰু অস্ত্ৰোপচাৰ বিভাগৰ কামক অগ্ৰাধিকাৰ দিবলৈ কয়। মেৰামতিৰ অগ্ৰগতি পৰীক্ষা কৰিবলৈ ১০ দিনৰ পাছত পুনৰ চিকিৎসালয়খন পৰিদৰ্শন কৰিব বুলিও ঘোষণা কৰে তেওঁ।
আনহাতে, গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, বৰপেটা, তেজপুৰ আৰু যোৰহাটৰ ছখন চিকিৎসা মহাবিদ্যালয়ত ছুপাৰ স্পেচিয়েলিটী চিকিৎসা সুবিধা গঢ়ি তোলাৰ পৰিকল্পনাৰ কথাও সদৰী কৰে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে। ইয়াৰ ফলত উন্নত চিকিৎসাৰ বাবে অসমৰ বাহিৰৰ চিকিৎসালয়ৰ ওপৰত ৰোগীৰ নিৰ্ভৰশীলতা হ্ৰাস পাব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।