ণ্ডীগড়, ৩১ অক্টোবৰঃ ২০২৭ চনৰ পঞ্জাব বিধানসভা নিৰ্বাচনৰ বাবে ৪০গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা কৰিছে আম আদমী পাৰ্টিয়ে (AAP)। মুখ্যমন্ত্ৰী ভগৱন্ত মানে পুনৰ ধুৰি সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব। আনহাতে, বৰ্তমান কাৰাগাৰত থকা মন্ত্ৰী সঞ্জীৱ আৰোৰাক লুধিয়ানা ৱেষ্ট সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দলটোৱে।
শনিবাৰে AAPৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ (PAC) বৈঠকৰ পিছত প্ৰাৰ্থীৰ নামসমূহ ঘোষণা কৰা হয়। নতুন দিল্লীত দলৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ বাসগৃহত অনুষ্ঠিত এই বৈঠকত কেজৰিৱালৰ লগতে পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, দলৰ পঞ্জাবৰ তত্ত্বাৱধায়ক মনীষ ছিছোদিয়া, বিত্তমন্ত্ৰী হৰপাল চিমা আৰু আন কেইবাগৰাকীও নেতা উপস্থিত আছিল।
তালিকাত পঞ্জাব বিধানসভাৰ অধ্যক্ষ কুলতাৰ সিং সন্ধৱানক কোটকাপুৰা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়া হৈছে। আন কেইবাগৰাকীও মন্ত্ৰীক নিজ নিজ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। তেওঁলোকৰ ভিতৰত অজনালাৰ পৰা কুলদীপ সিং ধালিৱাল, কাৰ্তাৰপুৰৰ পৰা বলকাৰ সিং, গড়শংকৰৰ পৰা জয় কৃষ্ণ সিং ৰৌৰী, এছ এ এছ নগৰৰ পৰা কুলৱন্ত সিং আৰু ভাদৌৰৰ পৰা লাভ সিং উগোক উল্লেখযোগ্য।
আনহাতে, মোগাৰ পৰা অমন্দীপ কৌৰ আৰোৰা, বাটালাৰ পৰা আমানশেৰ সিং (ছেৰী কালছি), অমৃতসৰ দক্ষিণৰ পৰা ইন্দৰবীৰ সিং নিজ্জৰ, তৰণ তাৰণৰ পৰা হৰমীত সিং সন্ধু, খেম কৰণৰ পৰা সৰৱন সিং ধুন, নকোদৰৰ পৰা ইন্দৰজিৎ কৌৰ মান, দাছুয়াৰ পৰা কৰমবীৰ সিং ঘুমান আৰু উৰমাৰৰ পৰা জছবীৰ সিং ৰাজা গিলক প্ৰাৰ্থিত্ব দিয়া হৈছে।
মুখ্যমন্ত্ৰী ভগৱন্ত মানে জনোৱা মতে, জনমত সমীক্ষাৰ ভিত্তিত ইতিবাচক সঁহাৰি লাভ কৰা প্ৰাৰ্থীসকলক তালিকাত স্থান দিয়া হৈছে। দলৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল আৰু মনীষ ছিছোদিয়াইও প্ৰাৰ্থীসকলক অভিনন্দন জনাই নিৰ্বাচনী প্ৰচাৰত নামি পৰিবলৈ আহ্বান জনাইছে।
উল্লেখ্য যে, ২০২২ চনৰ পঞ্জাব বিধানসভা নিৰ্বাচনত AAPয়ে ১১৭খন আসনৰ ভিতৰত ৯২খন আসন লাভ কৰিছিল। পঞ্জাব বিধানসভাৰ বৰ্তমানৰ কাৰ্যকাল ২০২৭ চনৰ ১৬ মাৰ্চত অন্ত পৰিব। অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।