নতুন দিল্লী, ৩১ অক্টোবৰঃ YouTuber ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে ২০১৮ চনৰ এটা মানহানিৰ গোচৰত পুনৰ জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে দিল্লীৰ এখন আদালতে। শনিবাৰে ন্যায়িক দণ্ডাধীশ ৰাহুল জৈনে এই নিৰ্দেশ দিয়ে।
বিকাশ সান্সকৃত্যায়ন ওৰফে বিকাশ পাণ্ডেই দাখিল কৰা মানহানিৰ গোচৰৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অভিযোগকাৰীৰ দাবী অনুসৰি, ধ্ৰুৱ ৰাঠীয়ে নিজৰ YouTube চেনেলত প্ৰকাশ কৰা এটা ভিডিঅ’ৰ জৰিয়তে তেওঁৰ মানহানি কৰিছিল। অৱশ্যে আদালতৰ বিস্তৃত নিৰ্দেশ এতিয়াও প্ৰকাশ পোৱা নাই।
ইয়াৰ পূৰ্বে ১৭ অক্টোবৰত আদালতে ৰাঠীৰ বিৰুদ্ধে জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল। অভিযোগকাৰীৰ পক্ষই আদালতক জনাইছিল যে চমন জাৰি কৰিবলৈ প্ৰেৰণ কৰা কৰ্মচাৰীয়ে ৰাঠীৰ ঘৰ বন্ধ অৱস্থাত পাইছিল। তাৰ পিছত আদালতে গুৰগাঁৱৰ ঠিকনাত পুনৰ চমন জাৰি কৰাৰ নিৰ্দেশ দিছিল।
অভিযোগকাৰী বিকাশ পাণ্ডেৰ অধিবক্তা সমক্ষ শৰ্মাই আদালতত জনোৱা মতে, ধ্ৰুৱ ৰাঠী সাধাৰণতে অষ্ট্ৰিয়াত থাকে আৰু দিল্লীত Cockroach Janata Party (CJP)ৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছিল।
আদালতৰ নথি অনুসৰি, এই গোচৰত ধ্ৰুৱ ৰাঠীক প্ৰথমবাৰৰ বাবে ২০১৯ চনৰ জুলাই মাহত চমন জাৰি কৰা হৈছিল। ২০১৮ চনত ৰাঠীয়ে নিজৰ YouTube চেনেলত প্ৰকাশ কৰা এটা ভিডিঅ’ক কেন্দ্ৰ কৰি বিকাশ পাণ্ডেই মানহানিৰ অভিযোগ দাখিল কৰিছিল।