নতুন দিল্লী, ৩১ অক্টোবৰঃ কংগ্ৰেছক পাঁচটা প্ৰশ্নৰে প্ৰত্যাহ্বান জনাইছে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে। ১ নৱেম্বৰত দিল্লীৰ ৰামলীলা ময়দানত INDIA মিত্ৰজোঁটৰ ‘চলো দিল্লী’ সমাৱেশ অনুষ্ঠিত হোৱাৰ এদিন পূৰ্বে সামাজিক মাধ্যমযোগে কংগ্ৰেছৰ নিৰ্বাচনী পৰাজয় আৰু ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR)ক লৈ প্ৰশ্ন উত্থাপন কৰে মন্ত্ৰীগৰাকীয়ে।
ৰিজিজুৱে কংগ্ৰেছক প্ৰত্যক্ষ প্ৰশ্ন কৰি কয় যে দলটোৱে উত্থাপন কৰা নিৰ্বাচনী অনিয়মৰ অভিযোগৰ উত্তৰ দিব লাগিব। তেওঁৰ পাঁচটা প্ৰশ্নৰ ভিতৰত প্ৰথমটো আছিল—২০১৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ চৰকাৰৰ দিনতে নিৰ্বাচন আয়ুক্তসকলক নিযুক্তি দিয়া হৈছিল, তেন্তে সেই নিৰ্বাচনত কংগ্ৰেছে মাত্ৰ ৪৪খন আসনহে কিয় লাভ কৰিছিল?
দ্বিতীয় প্ৰশ্নত তেওঁ কয়, ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত জ্ঞানেশ কুমাৰ মুখ্য নিৰ্বাচন আয়ুক্ত নাছিল। তেন্তে সেই সময়ত কংগ্ৰেছে একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হ’ল কিয়?
তৃতীয় প্ৰশ্নত ২০১৪ৰ পৰা ২০২৬ চনৰ ভিতৰত কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা চৰকাৰসমূহৰ কথা উল্লেখ কৰি ৰিজিজুৱে প্ৰশ্ন কৰে—নিৰ্বাচনী প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ উত্থাপন কৰা কংগ্ৰেছৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীসকলে পদত্যাগ কৰি ক্ষমা খুজিবনে?
চতুৰ্থ প্ৰশ্নত তেওঁ ভোটাৰ তালিকাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰী, মৃত ব্যক্তি, আন ঠাইলৈ স্থানান্তৰিত হোৱা ভোটাৰ আৰু একাধিকবাৰ নাম পঞ্জীয়ন হোৱা লোকৰ নাম আঁতৰোৱা উচিত নে নহয় বুলি প্ৰশ্ন কৰে।
পঞ্চম প্ৰশ্নত ৰিজিজুৱে ১৯৫২-৫৬, ১৯৫৮-৬১, ১৯৬৫-৬৬, ১৯৮৩-৮৪, ১৯৮৭-৮৮, ১৯৯৩, ১৯৯৫ আৰু ২০০২-০৪ চনত অনুষ্ঠিত হোৱা বিশেষ নিবিড় ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়াসমূহো অবৈধ আছিল নেকি বুলি প্ৰশ্ন কৰে।
কি দাবীৰে সমাৱেশ অনুষ্ঠিত কৰিব INDIA মিত্ৰজোঁটে?
উল্লেখ্য যে, ১ নৱেম্বৰত দিল্লীৰ ৰামলীলা ময়দানত INDIA মিত্ৰজোঁটে ‘ভোট বচাও, দেশ বচাও’ শীৰ্ষক সমাৱেশ অনুষ্ঠিত কৰাৰ কথা। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ আৰু SIR প্ৰক্ৰিয়াত হোৱা বুলি অভিযোগ কৰা অনিয়মৰ প্ৰতিবাদত এই সমাৱেশৰ আহ্বান জনোৱা হৈছে।
বিৰোধী দলসমূহৰ অভিযোগ, SIRৰ নামত যোগ্য ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰোৱা হৈছে আৰু এই প্ৰক্ৰিয়াত স্বচ্ছতাৰ অভাৱ দেখা গৈছে। কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে SIR বন্ধ কৰা, অন্যায়ভাৱে আঁতৰোৱা নাম পুনৰ অন্তৰ্ভুক্ত কৰা আৰু ভোটদানৰ ক্ষেত্ৰত বেলট পেপাৰ ব্যৱস্থালৈ ঘূৰি যোৱাৰ দাবী জনাই আহিছে।
আনহাতে, নিৰ্বাচন আয়োগে নিজৰ সিদ্ধান্তসমূহ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা বুলি উল্লেখ কৰি অনিয়মৰ অভিযোগ নাকচ কৰিছে।
ৰিজিজুৰ এই পাঁচটা প্ৰশ্নৰ জৰিয়তে শাসকীয় পক্ষ আৰু বিৰোধীৰ মাজত নিৰ্বাচনী প্ৰক্ৰিয়া তথা SIRক লৈ চলি থকা ৰাজনৈতিক বাকযুদ্ধই নতুন মাত্ৰা লাভ কৰিছে।