শ্ৰীনগৰ, ৩১ অক্টোবৰঃ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ নেতৃত্বাধীন চৰকাৰৰ লগতে শাসকীয় নেচনেল কনফাৰেন্সৰ ভিতৰতো দেখা দিছে দলীয় অসন্তুষ্টি। শেহতীয়াকৈ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক কেন্দ্ৰ কৰি দলৰ একাংশ বিধায়কৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হোৱাৰ সময়তে শ্ৰীনগৰৰ সাংসদ আগা ৰুহুল্লা মেহদিয়ে অহা ৩ নৱেম্বৰত দল আৰু লোকসভাৰ সদস্যপদ ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে।
ৰুহুল্লা মেহদিয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা বক্তব্যত নেচনেল কনফাৰেন্সৰ নেতৃত্বক তীব্ৰ সমালোচনা কৰে। তেওঁৰ অভিযোগ, নিৰ্বাচনৰ সময়ত অনুচ্ছেদ ৩৭০ পুনৰ বাহাল কৰা, বন্দীসকলক মুক্তি দিয়া আৰু জনসাধাৰণৰ অধিকাৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল দলটোৱে। কিন্তু ক্ষমতালৈ অহাৰ পিছত সেই প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত দলৰ নেতৃত্বই প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা নাই।
তেওঁ লগতে অভিযোগ কৰে যে দলৰ নেতৃত্বই জম্মু-কাশ্মীৰক পৰিয়ালৰ সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছে। নিজৰ নাম আৰু ৰাজনৈতিক পৰিচয়ক এনে প্ৰতিশ্ৰুতি ভংগৰ অংশীদাৰ হ’বলৈ নিদিয়াৰ কথাও প্ৰকাশ কৰে সাংসদগৰাকীয়ে। ৩ নৱেম্বৰত পিতৃ আগা ছৈয়দ মেহদিৰ মৃত্যু বাৰ্ষিকীত বাডগামৰ বেহিষ্ট-এ-জাহৰা পাৰ্কত জনসাধাৰণক সম্বোধন কৰাৰ পিছত পদত্যাগৰ সিদ্ধান্ত কাৰ্যকৰী কৰিব বুলি তেওঁৰ কাৰ্যালয়ে জনাইছে।
মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ বিধায়কৰ অসন্তুষ্টি
ইফালে, সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশিত বাতৰি অনুসৰি, শুকুৰবাৰে নিশা দলৰ এক ডজনৰো অধিক বিধায়কে বিধায়ক কাইছাৰ জামছেদ লোনৰ বাসগৃহত এখন বৈঠকত মিলিত হয়। আন কেইবাগৰাকীও বিধায়কে অনলাইনযোগে বৈঠকত অংশ লয়। বৈঠকত মন্ত্ৰীসভাৰ সাম্প্ৰতিক সম্প্ৰসাৰণক লৈ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে সমগ্ৰ মন্ত্ৰীসভাৰ পদত্যাগ আৰু যোগ্যতা তথা গণতান্ত্ৰিক নীতিৰ ভিত্তিত নতুন মন্ত্ৰীসভা গঠনৰ দাবী উত্থাপনৰ সিদ্ধান্ত লোৱা বুলি বাতৰিত প্ৰকাশ পাইছে।
দলৰ সভাপতি ফাৰুক আব্দুল্লাই শেহতীয়াকৈ মুবাৰক গুলক দলৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা আঁতৰাই দিয়াৰ ঘটনায়ো দলৰ ভিতৰৰ অসন্তুষ্টিক লৈ চৰ্চা বৃদ্ধি কৰিছে। মন্ত্ৰীসভাত স্থান নোপোৱাক লৈ বিধায়ক আব্দুল মজিদ লাৰ্মীয়েও ৰাজহুৱাভাৱে অসন্তুষ্টি প্ৰকাশ কৰিছিল।
অৱশ্যে নেচনেল কনফাৰেন্সৰ মুখপাত্ৰ ইফৰা জানে দলৰ ভিতৰত বৃহৎ বিদ্ৰোহ বা ব্যাপক অসন্তুষ্টিৰ বাতৰি নাকচ কৰিছে। তেওঁৰ মতে, কেইগৰাকীমান বিধায়কে অসন্তুষ্টি প্ৰকাশ কৰাটো স্বাভাৱিক আৰু ২০গৰাকী বিধায়কে বৈঠকত অংশ লোৱাৰ দাবীৰো কোনো প্ৰমাণ ৰাজহুৱাভাৱে প্ৰকাশ কৰা হোৱা নাই।
উল্লেখ্য যে, ৯০জনীয়া জম্মু-কাশ্মীৰ বিধানসভাত নেচনেল কনফাৰেন্সৰ ৪১গৰাকী বিধায়ক আছে। ছগৰাকী নিৰ্দলীয় বিধায়কৰ সমৰ্থন লাভ কৰিছে দলটোৱে। আনহাতে, কংগ্ৰেছৰ ছগৰাকী বিধায়কে চৰকাৰক বাহিৰৰ পৰা সমৰ্থন আগবঢ়াইছে।