কলকাতা: তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীৰ কালিঘাটস্থিত বাসভৱনৰ সন্মুখত পদপথ দখল কৰি ৰখা অবৈধ গাঁথনিৰ বিৰুদ্ধে বৃহস্পতিবাৰে উচ্ছেদ অভিযান চলোৱা হয়।
কলকাতা পৌৰ নিগমে অভিযান চলাই বাঁহ আৰু টিনেৰে নিৰ্মিত গাঁথনিটো ভাঙি পেলোৱাৰ লগতে পদপথত স্থাপন কৰা ধাতুৰ গেটটোও আঁতৰাই দিয়ে।
কৰ্তৃপক্ষই জনোৱা অনুসৰি, অবৈধ দখলৰ ফলত পথচাৰীৰ চলাচলত বাধাৰ সৃষ্টি হৈছিল।
আইন-শৃংখলা বজাই ৰাখিবলৈ অভিযানস্থলীত বৃহৎ আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় বাহিনী মোতায়েন কৰা হয়।
কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নোহোৱাকৈ উচ্ছেদ অভিযান সমাপ্ত হয়।