১০ নৱেম্বৰ, ২০২৬
'আমাক ইজ্জত লাগে, ইয়াৰ পৰা যাওঁক। ২৫-২৬ বছৰ হৈছে, এইবোৰ কাপোৰ পিন্ধে নেকি? গুৱাহাটীত এইবোৰ কাপোৰেই পিন্ধে নেকি?’ গোৱালপাৰা আৰক্ষী থানাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। চুটি কাপোৰ পিন্ধি থানালৈ অহাৰ বাবেই এগৰাকী যুৱতীৰ এজাহাৰ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে। এই ঘটনাক কেন্দ্ৰ কৰি আৰক্ষী আৰু এজাহাৰ দিবলৈ অহা যুৱতীগৰাকীৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়। ঘটনাটোৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত চৰ্চালৈ অহাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, কোনো অভিযোগ দাখিল কৰিবলৈ গোৱালপাৰা আৰক্ষী থানাত উপস্থিত হৈছিল যুৱতীগৰাকী। কিন্তু যুৱতীগৰাকীয়ে পৰিধান কৰি অহা কাপোৰক লৈ আৰক্ষীৰ এগৰাকী কৰ্মচাৰীয়ে আপত্তি দৰ্শোৱা বুলি অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ সৈতে হোৱা কথোপকথনত যুৱতীগৰাকীক চুটি কাপোৰ পিন্ধি থানালৈ নাহিবলৈ কোৱা শুনা গৈছে।
ভিডিঅ’টোত আৰক্ষীৰ এগৰাকী কৰ্মচাৰীয়ে যুৱতীগৰাকীক উদ্দেশ্যি কয়, ‘ছোৱালীয়ে চুটি কাপোৰ পিন্ধি থানালৈ নাহিব। আমাক ইজ্জত লাগে। যা, ইয়াৰ পৰা যাওঁক। ২৫-২৬ বছৰ হৈছে, এইবোৰ কাপোৰ পিন্ধে নেকি? গুৱাহাটীত এইবোৰ কাপোৰেই পিন্ধে নেকি?’
ইয়াৰ প্ৰত্যুত্তৰত যুৱতীগৰাকীয়ে নিজৰ স্থিতিত অটল থাকি কয়, ‘মোৰ ইজ্জত আছে। মই ইয়াতেই থাকিম। মোৰ এজাহাৰ লওক। মই কাপোৰটো পিন্ধি আহিছোঁ। এইবোৰ কাপোৰ নহয় নেকি?’
ইয়াৰ পাছতে আৰক্ষীৰ কৰ্মচাৰীগৰাকীয়ে চুটি কাপোৰৰ সৈতে ধৰ্ষ*ণৰ সম্পৰ্ক টানি আনি মন্তব্য কৰা শুনা গৈছে। তেওঁ কয়, ‘এইবোৰ কাপোৰ পিন্ধিলেই ধ*ৰ্ষ*ণ হয়।’ লগতে ছোৱালীয়ে লাজ ঢাকি ৰাখিব লাগে বুলিও মন্তব্য কৰা শুনা গৈছে।
আনহাতে, যুৱতীগৰাকীয়ে নিজৰ অভিযোগৰ ভিত্তিত এজাহাৰ গ্ৰহণ কৰিবলৈ দাবী জনাইছে। কিন্তু আৰক্ষীয়ে এজাহাৰ গ্ৰহণ নকৰাৰ অভিযোগক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত বাক-বিতণ্ডা অধিক তীব্ৰ হৈ পৰে। ফলত থানাৰ ভিতৰতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
এই ঘটনাই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰিছে। অভিযোগ দাখিল কৰিবলৈ যোৱা এগৰাকী মহিলাৰ পোছাকৰ ভিত্তিত তেওঁৰ অভিযোগ গ্ৰহণ কৰা হ’ব নে নহ’ব, সেয়া নিৰ্ধাৰণ কৰিব পাৰিনে? আৰক্ষীৰ এনে আচৰণে মহিলাৰ সুৰক্ষা আৰু ন্যায় লাভৰ অধিকাৰক লৈও নতুনকৈ বিতৰ্কৰ সৃষ্টি কৰিছে।
ঘটনাটোৰ ভিডিঅ’ চৰ্চালৈ অহাৰ পাছতে সামাজিক মাধ্যমত আৰক্ষীৰ আচৰণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে। অৱশ্যে, যুৱতীগৰাকীয়ে কোনটো বিষয়ত এজাহাৰ দিবলৈ গৈছিল, আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কি স্থিতি গ্ৰহণ কৰিছে আৰু ঘটনাটোৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ প্ৰতিক্ৰিয়া কি, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।