শ্ৰীনগৰ, ১১ নৱেম্বৰ: জম্মু-কাশ্মীৰৰ কুলগাম জিলাত সন্ত্ৰাসবাদীৰ গুলীচালনাত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, চমুকৈ চিআৰপিএফৰ তিনিজন জোৱান আহত হৈছে। বুধবাৰে দুপৰীয়া নোৱপোৰা অঞ্চলত এই ঘটনা সংঘটিত হয়।
প্ৰাপ্ত তথ্য অনুসৰি, কুলগাম জিলাৰ মীৰ বজাৰৰ সমীপৰ নোৱপোৰা-আখৰান অঞ্চলত চিআৰপিএফৰ এটা টহলদাৰী দলক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে। দুপৰীয়া প্ৰায় ২.১৫ বজাত সংঘটিত আক্ৰমণৰ পাছতে আক্ৰমণকাৰীসকলে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
গুলীচালনাত আহত তিনিজন চিআৰপিএফ জোৱানক চিকিৎসাৰ বাবে অনন্তনাগ জিলাৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়।
ঘটনাৰ পাছতে নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি আক্ৰমণকাৰীৰ সন্ধানত তালাচী অভিযান আৰম্ভ কৰে। অঞ্চলটোত অভিযান অব্যাহত আছে যদিও আক্ৰমণৰ আঁৰত কোন জড়িত, সেই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ পোৱা নাই।