নতুন দিল্লী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে নতুন দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত দীপাৱলী মিলন অনুষ্ঠানত সাংবাদিকসকলৰ নিষ্ঠা আৰু দায়বদ্ধতাৰ প্ৰশংসা কৰে। সংবাদকক্ষত একোৱেই অসম্ভৱ বুলি গণ্য কৰা নহয় বুলি তেখেতে কয়।
ভূমিকম্প আৰু বানপানীৰ দৰে দুৰ্যোগৰ সময়ত আন লোকে নিৰাপদ স্থানলৈ আঁতৰি যোৱাৰ বিপৰীতে সাংবাদিকসকলে জীৱনৰ বিপদকো নেওচি ঘটনাস্থলৰ খবৰ জনসাধাৰণৰ ওচৰলৈ লৈ যায় বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এনে সময়ত তেওঁলোকে পৰিয়ালৰ চিন্তাও এৰি সাংবাদিকতাৰ দায়িত্ব পালন কৰে বুলি তেখেতে কয়।
সংবাদকক্ষৰ সময়সীমা আৰু ৰাষ্ট্ৰীয় লক্ষ্যৰ মাজত তুলনা কৰি মোদীয়ে কয় যে, সময়সীমাই অগ্ৰাধিকাৰ নিৰ্ধাৰণ আৰু কামৰ গতি অটুট ৰখাত সহায় কৰে। ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ শেষ বছৰৰ অপেক্ষা নকৰি সৰু সৰু সময়বদ্ধ লক্ষ্য স্থিৰ কৰি আগবাঢ়িব লাগিব বুলি তেখেতে জনায়।
২০০১ চনত ১১ অশোকা ৰোডত থকা সময়ৰ এক অভিজ্ঞতা স্মৰণ কৰি মোদীয়ে কয়, সাংবাদিকসকল তেওঁৰ কোঠালৈ আহি তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱা বুলি জনাইছিল। সেই সময়ত তেওঁ নিজেও এই কথা জনা নাছিল আৰু সাংবাদিকসকলে উদযাপনৰ বাবে মিঠাই বিচাৰিছিল বুলি তেখেতে কয়।
ফেক্স মেচিন আৰু সম্প্ৰচাৰ ভানৰ যুগৰ পৰা ইনষ্টাগ্ৰাম ৰীল আৰু মোবাইলভিত্তিক প্ৰতিবেদনলৈ সাংবাদিকতাৰ পৰিৱৰ্তনৰ কথাও তেখেতে উল্লেখ কৰে। এতিয়া মোবাইল ফোনেই নতুন সম্প্ৰচাৰ ভানৰ ভূমিকা লৈছে বুলি মোদীয়ে মন্তব্য কৰে।
মোবাইল নিৰ্মাণ, ষ্টাৰ্টআপ, ইউপিআই আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত ভাৰতৰ সাফল্যক অধিক গুৰুত্ব দিয়াৰ বাবে সংবাদমাধ্যমক আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে। চাৰি কোটি পৰিয়ালক পকা ঘৰ আৰু ১২ কোটি পৰিয়াললৈ শৌচাগাৰ প্ৰদানৰ দৰে সাফল্যৰ কাহিনী বিশ্বদৰবাৰত তুলি ধৰিবলৈও তেখেতে সাংবাদিকসকলক আহ্বান জনায়।
যুৱসমাজৰ মাজত নিচাসক্তিৰ বিষয়ে সজাগতা সৃষ্টিৰ ক্ষেত্ৰতো সংবাদমাধ্যমে ভূমিকা ল'ব লাগে বুলি মোদীয়ে কয়। পৰিচ্ছন্নতা, ডিপফেক, ৰাষ্ট্ৰীয় ঐক্য আৰু সামাজিক সম্প্ৰীতিৰ বিষয়ত জনআলোচনা আৰু বিতৰ্কক গুৰুত্ব দিয়াৰ বাবেও তেখেতে আহ্বান জনায়।