নতুন দিল্লী, ১৪ নৱেম্বৰ: ছ’চিয়েল মিডিয়াত নিজৰ কোম্পানী কমাণ্ডাৰক হত্যা কৰাৰ লগতে নিজেও আত্মহত্যা কৰাৰ ভাবুকি দিয়াৰ অভিযোগত অসমৰ চি আৰ পি এফ জোৱান পিনাক নাথক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।
বিষয়াসকলে জনোৱা অনুসৰি, পিনাক নাথ চি আৰ পি এফৰ ৩৩সংখ্যক বেটেলিয়নৰ আলফা কোম্পানীত প্ৰবেচনাৰী কনিষ্টবল হিচাপে কৰ্মৰত আছিল। জম্মু-কাশ্মীৰৰ ডোডাত অৱস্থিত বেটেলিয়নটোত তেওঁ কৰ্মৰত আছিল আৰু শেহতীয়াকৈ বাহিনীটোত যোগদান কৰিছিল।
অভিযোগ অনুসৰি, ছ’চিয়েল মিডিয়াৰ এটা মাধ্যমত পিনাক নাথে নিজৰ কোম্পানী কমাণ্ডাৰক হত্যা কৰাৰ পাছত নিজেও আত্মহত্যা কৰিব বুলি পোষ্ট কৰিছিল। আন এটা সুৰক্ষা বাহিনীত শেহতীয়াকৈ সংঘটিত হোৱা এক ঘটনাৰ উল্লেখ কৰি তেওঁ এই ভাবুকি দিছিল বুলি বিষয়াসকলে প্ৰকাশ কৰিছে।
উল্লেখ্য যে, উক্ত ঘটনাটোত এজন জোৱানে নিজৰ সেৱাৰ অস্ত্ৰ ব্যৱহাৰ কৰি এগৰাকী জ্যেষ্ঠ বিষয়া আৰু আন কেইবাজনো সহকৰ্মীক হত্যা কৰিছিল।
ঘটনাৰ পাছতে বেটেলিয়নৰ কমাণ্ডিং বিষয়াই তদন্ত আৰম্ভ কৰে। তদন্তৰ অন্তত শুকুৰবাৰে কেন্দ্ৰীয় অসামৰিক সেৱা (অস্থায়ী সেৱা) বিধি, ১৯৬৫ৰ অধীনত পিনাক নাথক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।