শিৱপুৰী, ২ নৱেম্বৰ: ভগৱান শ্ৰীকৃষ্ণক লৈ কৰা মন্তব্যক কেন্দ্ৰ কৰি বিতৰ্কত সোমাই পৰিছে বাগেশ্বৰ ধামৰ পীঠাধীশ ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী। ভগৱান ৰাম আৰু শ্ৰীকৃষ্ণৰ ৰূপ-ভংগীৰ তুলনা কৰি কৰা তেওঁৰ মন্তব্যৰ ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছতে কৃষ্ণভক্তৰ লগতে কেইবাগৰাকীও ধৰ্মীয় ব্যক্তিয়ে আপত্তি প্ৰকাশ কৰিছে। এই বিতৰ্কৰ মাজতে নিজৰ মন্তব্যৰ ব্যাখ্যা আগবঢ়াইছে ধীৰেন্দ্ৰ শাস্ত্ৰীয়ে।

মধ্যপ্ৰদেশৰ কৰেৰাত অনুষ্ঠিত শ্ৰীৰাম কথাৰ সময়ত মঞ্চৰ পৰাই ধীৰেন্দ্ৰ শাস্ত্ৰীয়ে ভগৱান ৰাম আৰু শ্ৰীকৃষ্ণৰ থিয় হোৱাৰ ভংগী, বাঁহী বজোৱা আৰু তেওঁলোকৰ ধাম অযোধ্যা-বৃন্দাবনৰ তুলনা কৰিছিল। তেওঁৰ মন্তব্য অনুসৰি, শ্ৰীকৃষ্ণৰ ৰূপ তিনিটা স্থানত বেঁকা, আনহাতে ভগৱান ৰাম পোনকৈ থিয় হয়। লগতে তেওঁ বাঁহী বজোৱাৰ তুলনাত ধনু চলোৱাক অধিক কঠিন বুলি মন্তব্য কৰিছিল।

এই বক্তব্যৰ ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছতে একাংশ কৃষ্ণভক্তই ক্ষোভ প্ৰকাশ কৰে। ব্ৰজ অঞ্চলৰ কেইবাগৰাকীও ধৰ্মীয় ব্যক্তিয়েও মন্তব্যটোক লৈ আপত্তি জনায়। কথক কৌশল কিশোৰে ভগৱান ৰাম আৰু শ্ৰীকৃষ্ণৰ ভক্তৰ মাজত বিভাজন সৃষ্টিৰ চেষ্টা বুলি অভিযোগ কৰে। সাধ্বী ইন্দুলেখাই ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈ দাবী জনায়।

আনহাতে, মিৰ্চি বাবাইও ধীৰেন্দ্ৰ শাস্ত্ৰীৰ মন্তব্যৰ তীব্ৰ সমালোচনা কৰে। তেওঁ ধীৰেন্দ্ৰ শাস্ত্ৰীক উদ্দেশ্যি কঠোৰ ভাষাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভগৱান কৃষ্ণক লৈ এনে মন্তব্য নকৰিবলৈ সকীয়াই দিয়ে।

বিতৰ্কৰ পাছত ধীৰেন্দ্ৰ শাস্ত্ৰীয়ে কয় যে তেওঁ কথাখিনি ধেমালি আৰু ভক্তিৰ আবেগত কৈছিল। তেওঁৰ বক্তব্যৰ ভুল অৰ্থ উলিয়াব নালাগে বুলিও তেওঁ আহ্বান জনায়। তেওঁ লগতে কয় যে কেতিয়াবা উৎসাহৰ বশৱৰ্তী হৈ কথা কওঁতে ভুল হয়। ভগৱান কৃষ্ণৰ প্ৰতি তেওঁৰো গভীৰ প্ৰেম আৰু ভক্তি আছে বুলি উল্লেখ কৰি তেওঁ নিজকে কৃষ্ণবিৰোধী বুলি কৰা প্ৰচাৰ নস্যাৎ কৰে।

ইয়াৰ উপৰি, সামাজিক মাধ্যমত জনপ্ৰিয় হ’বলৈ একাংশই বাগেশ্বৰ বাবাক লক্ষ্য কৰি সমালোচনা কৰাৰ নতুন ধাৰা আৰম্ভ কৰিছে বুলিও তেওঁ দাবী কৰে।