নতুন দিল্লী, ২ নৱেম্বৰ: অযোধ্যাৰ ৰাম জন্মভূমি মন্দিৰ নিৰ্মাণ কৰা ভূমিৰ সঠিক স্থানক লৈ উত্থাপিত প্ৰশ্নৰ সন্দৰ্ভত দাখিল কৰা আবেদন শুনিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে। আবেদনকাৰীয়ে মন্দিৰটো ২০১৯ চনৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ত নিৰ্ধাৰিত একেখন ভূমিতে নিৰ্মাণ কৰা হৈছে নে নাই, সেয়া পৰীক্ষা কৰাৰ দাবী জনাইছিল। এই বিষয়ত তদন্ত বিচাৰিলে দেৱানী আদালতৰ কাষ চাপিবলৈ আবেদনকাৰীক পৰামৰ্শ দিছে উচ্চতম ন্যায়ালয়ে।
আবেদনখনত দাবী কৰা হৈছিল যে ৰাম জন্মভূমি মন্দিৰৰ নিৰ্মাণস্থল আৰু ২০১৯ চনৰ ৰায়ত নিৰ্ধাৰিত ভূমিৰ মাজত কোনো পাৰ্থক্য আছে নেকি, সেয়া ভূমিৰ নথি-পত্ৰ আৰু অন্যান্য চৰকাৰী তথ্যৰ ভিত্তিত পৰীক্ষা কৰা হওক।
আবেদনকাৰীয়ে ভূমিৰ প্ৰকৃত সীমা, ভৌগোলিক স্থানাংক, মাটিকালি আৰু অৱস্থান চিনাক্ত কৰিবলৈ স্বতন্ত্ৰ জৰীপৰো দাবী জনাইছিল। লগতে কেন্দ্ৰীয় চৰকাৰ, সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসক মন্দিৰ চৌহদৰ সৈতে জড়িত মূল নথি-পত্ৰ, মানচিত্ৰ, পৰিকল্পনা আৰু জৰীপৰ তথ্য সংৰক্ষণ কৰি আদালতত দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ আহ্বান জনোৱা হৈছিল।
কিন্তু উচ্চতম ন্যায়ালয়ে আবেদনখনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। আদালতে স্পষ্ট কৰে যে ভূমিৰ নথি-পত্ৰ আৰু অন্যান্য তথ্যৰ ভিত্তিত বিষয়টোৰ তদন্ত কৰাব বিচাৰিলে আবেদনকাৰীয়ে দেৱানী আদালতৰ কাষ চাপিব পাৰে। ভূমি সম্পৰ্কীয় এনে বিবাদৰ তথ্য আৰু নথি-পত্ৰ পৰীক্ষাৰ বাবে দেৱানী আদালতত গোচৰ ৰুজু কৰাটোৱেই উপযুক্ত আইনী পথ বুলি আদালতে উল্লেখ কৰে।
আবেদনখনত আৰু দাবী কৰা হৈছিল যে তদন্তত ২০১৯ চনৰ ৰায়ত নিৰ্ধাৰিত ভূমি আৰু মন্দিৰ নিৰ্মাণ কৰা স্থানৰ মাজত গুৰুত্বপূৰ্ণ পাৰ্থক্য পোৱা গ’লে সেই পাৰ্থক্য দূৰ কৰাৰ বাবে উপযুক্ত নিৰ্দেশ দিয়া হওক।
ইয়াৰ উপৰি মন্দিৰলৈ আগবঢ়োৱা দান-বৰঙণি আৰু প্ৰণামীৰ হিচাপত স্বচ্ছতা নিশ্চিত কৰাৰ দাবীও আবেদনখনত উত্থাপন কৰা হৈছিল। দৈনিক লাভ কৰা দান, প্ৰণামী আৰু ৰচিদৰ ডিজিটেল তথ্য প্ৰস্তুত কৰি ৰাজহুৱাভাৱে প্ৰকাশ কৰা আৰু মন্দিৰৰ হিচাপ প্ৰতি বছৰে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক (CAG)ৰ দ্বাৰা পৰীক্ষা কৰোৱাৰ দাবী জনোৱা হৈছিল। দেশ-বিদেশৰ পৰা অযোধ্যালৈ অহা ভক্তসকলৰ বাবে প্ৰয়োজনীয় সুবিধা গঢ়ি তোলাৰ নিৰ্দেশ দিয়াৰো আহ্বান জনোৱা হৈছিল।
উল্লেখযোগ্য যে ২০১৯ চনৰ ৯ নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে অযোধ্যাৰ ভূমি বিবাদৰ ঐতিহাসিক ৰায় প্ৰদান কৰিছিল। সেই ৰায়ত ২.৭৭ একৰ বিবাদিত ভূমি ৰামলালাক প্ৰদান কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰক ছুন্নী ৱাক্ফ ব’ৰ্ডক মছজিদ নিৰ্মাণৰ বাবে অযোধ্যাত পাঁচ একৰ বিকল্প ভূমি প্ৰদানৰ নিৰ্দেশ দিয়া হৈছিল।
বৰ্তমানৰ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলেও উচ্চতম ন্যায়ালয়ে ২০১৯ চনৰ মূল ৰায় পুনৰ বিবেচনা কৰা নাই। ভূমিৰ নথি-পত্ৰ আৰু নিৰ্মাণস্থলৰ তথ্য পৰীক্ষাৰ বাবে আবেদনকাৰীক দেৱানী আদালতৰ কাষ চাপিবলৈহে পৰামৰ্শ দিছে।