নতুন দিল্লী, ২ নৱেম্বৰ: ভাৰতীয় নৌসেনাৰ সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে ৮খন নতুন যুদ্ধজাহাজ নিৰ্মাণৰ বাবে ৫৩,৮৬৬.৫০ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে। কলকাতাৰ Garden Reach Shipbuilders and Engineers Limited (GRSE) আৰু গোৱাৰ Goa Shipyard Limited (GSL)-ৰ সৈতে এই চুক্তি সম্পন্ন কৰা হৈছে।

সোমবাৰে নতুন দিল্লীৰ কৰ্তব্য ভৱন-২ত প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙৰ উপস্থিতিত চুক্তিসমূহত স্বাক্ষৰ কৰা হয়। চুক্তি অনুসৰি, GRSE-এ পাঁচখন আৰু GSL-এ তিনিখন যুদ্ধজাহাজ নিৰ্মাণ কৰিব।

ইয়াৰ পূৰ্বে ৩০ অক্টোবৰত নিৰাপত্তা বিষয়ক কেবিনেট সমিতিয়ে ভাৰতীয় নৌসেনাৰ বাবে এই আঠখন নতুন যুদ্ধজাহাজ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনাইছিল। ২০৩০ চনৰ পৰা যুদ্ধজাহাজকেইখন নৌসেনাৰ হাতত অৰ্পণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা।

প্ৰায় ২,০০০ টন ওজনৰ এই যুদ্ধজাহাজসমূহ নৌসেনাই নিজে প্ৰস্তুত কৰা নতুন বিশেষ নক্সাৰ আধাৰত নিৰ্মাণ কৰা হ’ব। শত্ৰুৰ ৰাডাৰত সহজে ধৰা নপৰাকৈ চলাচল কৰিব পৰাকৈ জাহাজকেইখনৰ গঠন প্ৰস্তুত কৰা হৈছে। ইয়াৰ লগতে জাহাজকেইখন দ্ৰুতগামী আৰু বিভিন্ন সামৰিক অভিযান চলাব পৰাকৈ সক্ষম হ’ব।

এই যুদ্ধজাহাজসমূহে পানীৰ তলত চলাচল কৰা শত্ৰুৰ ছাবমেৰিন চিনাক্ত আৰু প্ৰতিৰোধ, সাগৰীয় নিৰীক্ষণ, অনুসন্ধান, আক্ৰমণ আৰু উপকূলীয় সুৰক্ষাৰ দৰে অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

প্ৰায় ৩০ নটিকেল মাইল বেগেৰে চলাচল কৰিব পৰা জাহাজকেইখনে ভাৰত মহাসাগৰ, আৰব সাগৰ আৰু বংগোপসাগৰত অভিযান চলাব পাৰিব। ইয়াৰ ফলত ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজৰ বহৰ অধিক শক্তিশালী হোৱাৰ লগতে সামুদ্ৰিক নিৰাপত্তা ব্যৱস্থাও অধিক সুদৃঢ় হ’ব বুলি আশা কৰা হৈছে।

এই প্ৰকল্পই দেশৰ নিজা প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ ব্যৱস্থাকো শক্তিশালী কৰিব। লগতে আঞ্চলিক নিৰাপত্তা আৰু উন্নয়নৰ লক্ষ্যৰে গ্ৰহণ কৰা ভাৰতৰ ‘SAGAR’ দৃষ্টিভংগী বাস্তৱায়নতো সহায় কৰিব বুলি আশা কৰা হৈছে।