ইটানগৰ, ২ নৱেম্বৰ: প্ৰস্তাৱিত ছিয়াং উচ্চ বহুমুখী প্ৰকল্পৰ বিৰোধিতাৰে অৰুণাচল প্ৰদেশৰ ছিয়াং উপত্যকাত প্ৰতিবাদ তীব্ৰতৰ হৈছে। সোমবাৰে আপাৰ ছিয়াং জিলাত ৩৬ ঘণ্টীয়া বন্ধৰ প্ৰভাৱত বিদ্যালয়, দোকান-পোহাৰ, বজাৰ আৰু চৰকাৰী কাৰ্যালয় বন্ধ হৈ পৰে। ৰাজহুৱা পৰিবহণ ব্যৱস্থাও ব্যাহত হয়।

Siang Indigenous Farmers Forum আৰু Siang Upper Multipurpose Project Affected Area Youth Association-এ ছিয়াং, আপাৰ ছিয়াং আৰু ইষ্ট ছিয়াং—এই তিনিখন জিলাত ৩৬ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে। প্ৰতিবাদকাৰীসকলে বিভিন্ন স্থানত পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। অৱশ্যে বন্ধৰ প্ৰভাৱ তিনিওখন জিলাত একে ধৰণৰ নাছিল।

প্ৰশাসনৰ এগৰাকী বিষয়াই জনোৱা মতে, আপাৰ ছিয়াং জিলাত বন্ধৰ প্ৰভাৱ অধিক পৰে। ইষ্ট ছিয়াঙতো জনজীৱন কিছু পৰিমাণে ব্যাহত হয়। কিন্তু ছিয়াং জিলাত বন্ধৰ বিশেষ প্ৰভাৱ পৰা নাই। আপাৰ ছিয়াঙৰ উপায়ুক্ত অশোক তাজোৱে জনোৱা মতে, য়িংকিয়ং আৰু গেকু অঞ্চলত বন্ধৰ প্ৰভাৱ অধিক দেখা যায়। আনহাতে, ছিয়াং জিলাৰ আৰক্ষী অধীক্ষক কামদাম ছিখোমে কয় যে জিলাখনত চৰকাৰী কাৰ্যালয়, দোকান-পোহাৰ আৰু বিদ্যালয় স্বাভাৱিকভাৱে চলি আছে।

প্ৰতিবাদী সংগঠন দুটাই অভিযোগ কৰিছে যে তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰাৰ বাবেই এই বন্ধৰ আহ্বান জনোৱা হৈছে। দাবীসমূহৰ ভিতৰত আছে প্ৰতিবাদৰ সময়ত গ্ৰেপ্তাৰ কৰা লোকসকলৰ মুক্তি, প্ৰকল্প প্ৰভাৱিত অঞ্চলৰ পৰা অতিৰিক্ত নিৰাপত্তা বাহিনী প্ৰত্যাহাৰ আৰু প্ৰস্তাৱিত ১১,২০০ মেগাৱাট শক্তি উৎপাদনক্ষম ছিয়াং উচ্চ বহুমুখী প্ৰকল্পৰ জৰীপৰ কাম স্থগিত ৰখা।

উল্লেখ্য যে, ছিয়াং নদীৰ ওপৰত প্ৰস্তাৱিত এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পক লৈ আদিবাসী আদি জনগোষ্ঠীৰ একাংশ লোকৰ মাজত দীৰ্ঘদিন ধৰি বিৰোধিতা চলি আহিছে। প্ৰকল্পটো ৰূপায়ণ হ'লে পূৰ্বপুৰুষৰ গাঁও পানীত বুৰ যোৱা, স্থানচ্যুতি, কৃষিভূমি আৰু বনাঞ্চল হেৰুওৱা তথা পৰম্পৰাগত জীৱনধাৰাত প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰিছে প্ৰতিবাদকাৰীসকলে।