হাপুৰ, ২ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মহাভাৰতৰ অৰ্জুনৰ সৈতে তুলনা কৰি বিৰোধী দলসমূহক ‘কৌৰৱ পক্ষ’ আখ্যা দিছে কংগ্ৰেছৰ পৰা বহিষ্কৃত নেতা আচাৰ্য প্ৰমোদ কৃষ্ণমে। উত্তৰ প্ৰদেশৰ হাপুৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়, ‘নৰেন্দ্ৰ মোদী অভিমন্যু নহয়, অৰ্জুন।’

প্ৰমোদ কৃষ্ণমৰ দাবী, ৰাহুল গান্ধীৰ নেতৃত্বত বিৰোধী দলসমূহে একত্ৰিত হৈ প্ৰধানমন্ত্ৰী মোদীক ৰাজনৈতিকভাৱে আক্ৰমণ কৰিবলৈ চক্ৰবেহু ৰচনা কৰিছে। কিন্তু বিৰোধীয়ে মোদীক অভিমন্যু বুলি ভাবিলেও তেওঁ অৰ্জুনৰ দৰে সকলো বাধা অতিক্ৰম কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে নেতাগৰাকীয়ে।

২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰসংগতো ভৱিষ্যদ্বাণী কৰে আচাৰ্য প্ৰমোদ কৃষ্ণমে। তেওঁৰ দাবী, বিৰোধীৰ সকলো চক্ৰবেহু ভাঙি নৰেন্দ্ৰ মোদীয়ে চতুৰ্থবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

উল্লেখ্য যে, ২০২৪ চনৰ বাজেট অধিৱেশনৰ সময়ত লোকসভাত ‘চক্ৰবেহু’ৰ প্ৰসংগ উত্থাপন কৰি বিজেপি চৰকাৰক সমালোচনা কৰিছিল বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। সেই প্ৰসংগৰ সৈতে সংগতি ৰাখিয়েই এই মন্তব্য কৰে আচাৰ্য প্ৰমোদ কৃষ্ণমে।