শিৱসাগৰ: মঙলবাৰে অসমৰ কৃষি বিভাগে ৰাজ্যজুৰি ২,৮০,০০০ নাৰিকল আৰু ৮,০০,০০০ তামোলৰ পুলি বিতৰণৰ ব্যৱস্থা কৰাৰ কথা জনোৱা হয়। বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটক এইবাৰ বিভাগটোৰ অগ্ৰাধিকাৰ দিয়া হৈছে।
প্ৰায় তিনিমাহ পূৰ্বে উজনি অসমৰ এই চাৰিখন জিলাত প্ৰলয়ংকৰী বানপানীত কৃষকৰ ধান আৰু খেতি নষ্ট হৈছিল। সেই সময়ত কৃষকসকলক ৰবি খেতিৰ বাবে সহায় কৰাৰ লগতে পিছত ফলমূলৰ পুলি দিয়াৰ ব্যৱস্থা কৰাৰ কথা ভবা হৈছিল।
সমগ্ৰ ৰাজ্যত বিতৰণ হ’বলগীয়া নাৰিকল আৰু তামোলৰ পুলিৰ ৪০ শতাংশতকৈ অধিক এই চাৰিখন জিলাত দিয়া হ’ব। শিৱসাগৰ জিলাত ৫০,০০০ নাৰিকলৰ পুলি আৰু ১,০০,০০০ তামোলৰ পুলি দিয়াৰ ব্যৱস্থা কৰা হৈছে।
চৰাইদেউলৈও নাৰিকল আৰু তামোলৰ পুলি পঠিওৱা হৈছে। প্ৰয়োজন হ’লে আৰু পুলি দিয়াৰ কথা জনোৱা হয়। পুলি লৈ কৃষকসকলক বাৰী সজাই তোলা, পানী আৰু সাৰৰ ব্যৱস্থা কৰা তথা জেউৰা দিয়াৰ অনুৰোধ জনোৱা হৈছে।
শিৱসাগৰত ৰবি খেতিৰ বাবে বীজ মজুত ৰখা হৈছে আৰু ১০-১৫ দিনৰ ভিতৰত বিতৰণৰ কথা কোৱা হৈছে। ইণ্ডো-ইজৰাইল প্ৰযুক্তিৰ উৎকৰ্ষ কেন্দ্ৰৰ পৰা ১০,০০০ বিলাহীৰ পুলি শিৱসাগৰলৈ পঠিওৱা হৈছে; অতি সোনকালে আৰু ১০,০০০ পুলি পঠিওৱাৰ কথাও জানোৱা হয়।
আনহাতে, আগন্তুক ৪.৫ বছৰত নতুনকৈ ২০ শতাংশ খেতিমাটিত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ লক্ষ্য লোৱা হৈছে। বৰ্তমান অসমত ২১ শতাংশ খেতিমাটিত জলসিঞ্চনৰ সুবিধা আছে বুলি জানোৱা হয়।